NORTHEAST NOW (Assamese)
অসম

নিজামুদ্দিন মাৰ্কাজত অংশলোৱা ১৩ গৰাকী বাংলাদেশী দুগৰাকী অসমৰ লোকক মুম্বাইত উদ্ধাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 2, 2020 3:33 pm
Nizamuddin’s Tablighi Jaamat spread Corona virus in 23 states & UTs: Centre

দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ জামাতত অংশগ্ৰহণ কৰা তেৰ গৰাকী বাংলাদেশী আৰু দুই গৰাকী অসমৰ লোকক মুম্বাইৰ থানেত আটক কৰি হোম কোৱাৰেণ্টাইন কৰি ৰখা হৈছে বুলি বুধবাৰে মুম্বাৰ ডিচিপি সুভাষ ব্ৰুছে জনায়।

‘‘মুম্বাইৰ থানেলৈ অহা তেৰ গৰাকী বাংলাদেশী আৰু দুগৰাকী অসমৰ লোকক আটক কৰি হোম কোৱাৰেণ্টাইনত ৰখা হৈছে,’’ ব্ৰুছে কয়।

থানেত হোম কোৱাৰেণ্টাইনত ৰখা আটাইকেইগৰাকী ব্যক্তিৰ পৰীক্ষাৰ ফলাফল আজি আহিব আৰু ইয়াৰ পাছতে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, দেশত ক’ৰ’নাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যাই ২০০০ অতিক্ৰম কৰিছে আৰু ইয়াৰ ভিতৰত শেহতীয়াভাৱে পজিটিভ হোৱা অধিকাংশ লোকে দিল্লীৰ নিজামুদ্দিনৰ মাৰ্কাজত অংশগ্ৰহণ কৰা।

কেন্দ্ৰ চৰকাৰে বুধবাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক দিল্লীৰ নিজামুদ্দিনৰ মাৰ্কাজত অংশগ্ৰহণ কৰা সকলো লোকক শীঘ্ৰেই চিনাক্ত কৰি কোৱাৰেণ্টাইনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়ে।

আনহাতে, মাৰ্কাজৰ জামাতত অংশগ্ৰহণ কৰা বিদেশী লোকসকলে ভিজাৰ নীতি-নিৰ্দেশনা সমূহ উলংঘন কৰিছে যাৰ বাবে কেন্দ্ৰ চৰকাৰে এই সকল লোকৰ ভিছা নিষিদ্ধ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।