NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাক লৈ ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সংবাদমেল

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 2, 2020 6:04 pm
WhatsApp Image 2020-01-25 at 1.33.45 PM

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ক’ৰ’না সন্দৰ্ভত ৰাজ্যৰ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে।

সংবাদমেলত মন্ত্ৰী শৰ্মাই অসমত ক’ৰ’নাত আক্ৰান্ত হোৱা ১৬ গৰাকী ব্যক্তিৰ আটাইগৰাকী বৰ্তমান স্বাভাৱিক অৱস্থাত আছে বুলি কয়।

হিমন্তই গোলাঘাট অসামৰিক চিকিৎসালয়ত ৮ গৰাকী, গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ৩ গৰাকী ৰোগী চিকিৎসাধীন হৈ থকা বুলি কোৱাৰ লগতে বুধবাৰে নিশা পীযুষ হাজৰিকাৰ সৈতে সোণাপুৰ আৰু মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগী সকলৰো স্বাস্থ্যৰ বুজ লোৱা বুলি কয়।

আনহাতে, কৰিমগঞ্জৰ জামালুদ্দিন নামৰ ক’ৰ’না আক্ৰান্ত ব্যক্তি গৰাকীক পদ্মশ্ৰী ডা০ ৰবি কান্নানে পৰীক্ষা কৰি আছে বুলিও জানিবলৈ দিয়ে।

তদুপৰি, নিজামুদ্দিনৰ লগত সম্পৰ্ক থকা মুঠ ৫০৩ গৰাকী লোকৰ ভিতৰত ৪৮৮ গৰাকী ব্যক্তিৰ জিলা প্ৰশাসন আৰু আৰক্ষীয়ে সন্ধান লাভ কৰিছে বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই আৰু ১৫ গৰাকী ব্যক্তিৰ সন্ধান লাভ কৰিবলৈ বাকী আছে বুলি কয়।

সন্ধান লাভ কৰা ৪৮৮ গৰাকী ব্যক্তিৰ ভিতৰত ৩৬১ গৰাকী ব্যক্তিৰ তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে আৰু মুঠ ৩৯৫ গৰাকী ব্যক্তিক কোৱাৰেণ্টাইনত ৰখা হৈছে বুলিও মন্ত্ৰী গৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়ে।

নিজামু্দ্দিন মাৰ্কাজত অংশলৈ ঘৰলৈ উভতি অহা লোক সকলে কাক কাক আলিংগন কৰিলে অথবা কোনবোৰ মানুহৰ সংস্পৰ্ষলৈ আহিছিল সেই সন্দৰ্ভতো বৰ্তমান সন্ধান চলাই থকা হৈছে বুলি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পাতালত ৫৪ খন আই চি য়ু বিচনাৰ নতুন ভৱন এটা উদ্বোধন কৰি ইয়াৰ ফলত চিকিৎসালয়খনত আই চি য়ুৰ বিচনাৰ সংখ্যা ১৬২ খনলৈ বৃদ্ধি পালে বুলি কয়।

তেওঁ লগতে বহাগ বিহুৰ পূৰ্বে চিকিৎসালয়খনত মুঠ আই চি য়ু বিচনাৰ সংখ্যা ২০০ লৈ বৃদ্ধি কৰাৰ বাবে চেষ্টা কৰা হ’ব বুলিও উল্লেখ কৰে।

জি এম চি এইচত ২০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা নতুন ভৱনটোও দুমাহৰ ভিতৰত চিকিৎসাৰ বাবে মুকলি কৰা হ’ব বুলি মন্ত্ৰী শৰ্মাই সংবাদমেলত জনায়।