NORTHEAST NOW (Assamese)
অসম

চিপিআইএম(এল)এ কেন্দ্ৰ আৰু ৰাজ্যিক চৰকাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিবাদ আৰম্ভ কৰিব

Posted by: এন ই নাও নিউজ February 17, 2018 2:10 pm
Logo Of CPIM(L)

কেন্দ্ৰ আৰু ৰাজ্যত শাসিত  বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ বানপানী, গৰা খহনীয়া, নিবনুৱা সমস্যা আদিৰ দৰে জ্বলন্ত সমস্যা সমুহক পিঠি দিয়া বুলি এক সংবাদমেল  যোগে অভিযোগ উত্থাপন কৰে চিপিআইএম (এল) ৰ ৰাজ্যিক সম্পাদক ৰুবুল শৰ্মাই৷

আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এখন সভাত  আৰ এছ এছৰ কৃষ্ণগোপাল নামৰ এজন ব্যক্তিয়ে শংকৰদেৱ অসমৰ কথা লিখা নাছিল, যি লিখিছে ভাৰতৰ কথাহে লিখিছে বুলি কৰা সস্তীয়া মন্তব্যৰ বিৰুদ্ধেও ক্ষোভ উজৰা পৰিলক্ষিত হ’ল  চিপিআইএম (এল)ৰ নেতৃবৃন্দই। ইয়াৰ উপৰি এডভাণ্টেজ আছামত প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্ব বিশ্ৰুত শিল্পী ভুপেন হাজৰিকাৰ গীতৰ ভুলবাখ্যা কৰা সন্দৰ্ভতো ক্ষেদ প্ৰকাশ কৰে।

এই সকলোবোৰৰ বিৰুদ্ধে চিপিআইএম (এল) দলে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিবাদ আৰম্ভ কৰিব বুলি উক্ত সংবাদমেল যোগে সদৰী কৰে।

উল্লেখযোগ্য যে স্বাধীনতা সংগ্ৰামী শ্বহীদ ভগৎ সিং, ৰাজগুৰু আৰু সুখদেৱৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি  ২৩ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ পাঞ্জাৱৰ মানচত চিপিআইএম (এল) দলৰ দশম মহাঅধিবেশন অনুষ্ঠিত হ’ব ।

উক্ত অধিৱেশনত মোদী চৰকাৰৰ সাম্প্ৰদায়িকতা আৰু ফেচীবাদৰৰ বিৰুদ্ধে সংগবদ্ধ সংগ্ৰাম গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰিব। ভাৰতবৰ্ষৰ উপৰি অষ্ট্ৰেলিয়া, বাংলাদেশ, মালদ্বীপ আদিৰ দৰে বিদেশী প্ৰতিনিধিয়ে এই অধিৱেশনত অংশগ্ৰহণ কৰিব ।

উল্লেখযোগ্য যে এই  মহাঅধিবেশনত অসমৰ পৰা  চিপিআইএম(এল)ৰ ৩০ জনীয়া দল এটাই  অংশ গ্ৰহণ কৰিব। এই দলটোৱে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ নামত দেশৰ লগতে অসমতো সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ বিৰুদ্ধে আৰু অসমৰ জ্বলন্ত সমস্যা সমূহৰ বিষয়ে বিষদ ভাবে আলোচনা কৰিব।