NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ কণমানিয়ে আৰোগ্য নিধিলৈ আগবঢ়ালে চাইকেল কিনিবলৈ সাঁচি ৰখা ধন

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ April 4, 2020 7:14 pm

শিৱসাগৰৰ কণমানি এগৰাকীয়ে চাইকেল কিনিবলৈ সাঁচি থোৱা ধন কৰ’নাভাইৰাছৰ বিৰুদ্ধে অসম আৰোগ্য নিধিলৈ আগবঢ়াইছে।

মহানুভৱতাৰ পৰিচয় দিয়া এই কণমানিগৰাকীৰ নাম ঐশ্বন্যা গগৈ।

আমগুৰিৰ কিষ্টুৰ চন্দ আগৰৱালা নগৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী ঐশ্বন্যাই  এখন চাইকেল কিনিবলৈ দৈনিক এটকা দুটকাকৈ সঞ্চয় কৰিছিল কিছু ধন।

কিন্তু কৰ’নাভাইৰাছে সৃষ্টি কৰা পৰিস্থিতিত চাইকেল কিনাৰ সিদ্ধান্ত সলনি কৰি শনিবাৰে সমুদায় সঞ্চিত ধন মুঠ ২০১০ টকা আৰোগ্য নিধিলৈ আগবঢ়ায়।

আমগুৰিৰ ৰাজহ চক্ৰ বিষয়া ৰিতুৰাজ বৰদলৈৰ হাতত কণমানি ঐশ্বন্যাই এই ধন প্ৰদান কৰে।

ঐশ্বন্যা যোৰহাট জিলাৰ চেলেংহাট নিবাসী জ্যোতিপ্ৰসাদ গগৈ আৰু মুন সোণোৱালৰ কন্যা।