NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱাসকলৰ বাবে চীনত দেশজুৰি তিনি মিনিট মৌনব্ৰতেৰে শোক পালন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 4, 2020 7:40 pm
_111611948_060925995-1

মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উৎপত্তি কেন্দ্ৰ চীনত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰাসকলৰ আত্মাৰ শান্তিৰ কাৰণে আজি সমগ্ৰ দেশজুৰি তিনি মিনিট সময় মৌন ব্ৰতেৰে শোক পালন কৰা হয়।

উল্লেখ্য যে, সমগ্ৰ চীনত ৩,৩০০ লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিছে।

উক্ত ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা লোকসকলৰ আত্মাৰ শান্তিৰ বাবে দেশখনত আজি শনিবাৰ দিনটো উৎসৰ্গা কৰা হৈছিল।

স্থানীয় সময় পুৱা ১০ বজাত সমগ্ৰ ৰাষ্ট্ৰখনৰ নাগিৰকসকলে য’তে যেনেকৈ আছিল তাতেই থিয় হৈ সম্পূৰ্ণ তিনি মিনিট মৌন ব্ৰতেৰে শোক প্ৰকাশ কৰি মৃতকসকলক শ্ৰদ্ধাঞ্জলি জনায়।

উক্ত সময়ত ৰাজপথত গাড়ী ৰখাই চালক আৰু আৰোহীসকলে গাড়ীৰ পৰা নামি মৃতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হয়।

উল্লেখ্য চীনৰ হাৱাই প্ৰদেশৰ য়ুহান চহৰত যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত মাৰাত্মক ক’ৰ’না ভাইৰাছ উৎপত্তি হৈ সমগ্ৰ ৰাষ্ট্ৰখনৰ ৮০ হাজাৰতকৈও অধিক লোকৰ শৰীৰলৈ সংক্ৰমণ ঘটিছিল।

চীনত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰা হৈছে যদিও বৰ্তমান বিশ্বৰ প্ৰায় ১৮০ খন ৰাষ্ট্ৰত ক’ৰ’না ভাইৰাছে নৰ সংহাৰ চলাই আছে।