NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাত ঘৰৰ ভিতৰতে বিবাহিত মহিলাক ধৰ্ষণ কৰি হত্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 30, 2019 11:03 am
ত্ৰিপুৰাত ঘৰৰ ভিতৰতে বিবাহিত মহিলাক ধৰ্ষণ কৰি হত্যা

ত্ৰিপুৰাৰ গোমটি জিলাৰ অন্তৰ্গত উদয়পুৰত কালি নিশা এগৰাকীক বিবাহিত মহিলাক ধৰ্ষণ কৰি হত্যা কৰা হয়।

স্থানীয় ৰাধা কিশোৰপুৰ আৰক্ষীয়ে জনোৱা মতে এটা সন্তানৰ মাতৃ নিহত মহিলাগৰাকীয়ে দিন হাজিৰাৰ কাম কৰিছিল আৰু তেওঁৰ পতি অঞ্চলটোৰ এটা ইটা ভাটাৰ শ্ৰমিক।

প্ৰাপ্ত তথ্য মতে কালি নিশা প্ৰায় ৯.৩০ বজাত ঘৰলৈ আহি মহিলা গৰাকীৰ পতিয়ে তেওঁ নগ্ন অৱস্থাত ঘৰৰ মজিয়াত পৰি থকা অৱস্থাত উদ্ধাৰ কৰিছিল।

পিছত স্থানীয় লোকসলকৰ সহযোগত মহিলা গৰাকীক উদয়পুৰ মহকুমা চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

পৰৱৰ্তি সময়ত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোমতি জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীৰ মতে মহিলা গৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে।

এই সম্পৰ্কত দোষীক বিচাৰি অভিযান চলাই থকা হৈছে যদিও বাতৰি লিখা পৰ্যন্ত কাকো আটক কৰা হোৱা নাই।