NORTHEAST NOW (Assamese)
অসম

ল’কডাউনৰ সময়ত দৰিদ্ৰ পৰিয়ালৰ কাষত পুৰণিগুদামৰ একাংশ হৃদয়বান লোক

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা April 5, 2020 8:42 am

ক’ৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষনা কৰা লক’ডাউনে ১০ দিন অতিক্ৰম কৰাৰ পিছত আন ঠাইৰ লগতে এতিয়া নগাঁও জিলাৰ পুৰণিগুদাম আৰু চামগুৰিৰ বৃহত্তৰ অঞ্চলত স্তব্ধহৈ পৰিছে জনজীৱন।

ল’কডাউনৰ সময়চোৱাত যাতে অতি দিন হাজিৰা কৰা লোকসকলে খাদ্যৰ অভাৱত ভূগিব লগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি পুৰণিগুদামৰ একাংশ হৃদয়বান লোক আগবাঢ়ি আহিছে।

পুৰণিগুদাম হালোৱাগাঁৱৰ কলিতাচুকৰ জয়ন্ত বৰা নামৰ এগৰাকী শিক্ষকে অঞ্চলটোৰ একাধিক দৰিদ্ৰ পৰিয়ালক ল’কডাউনৰ সময়চোৱাত সামাজিক দূৰত্ব বজাই বিতৰণ কৰিছে চাউল, দালি, আলু আৰু পিয়াঁজ আদি আৱশ্যকীয় খাদ্য সামগ্ৰী।

তেওঁৰ উপৰি পুৰণিগুদামৰ মাজগাঁৱতো বহু সংখ্যক আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মাজত স্থানীয় যুৱকৰ দলে পুৰণিগুদাম আৰক্ষীৰ সহযোগত শনিবাৰে বিয়লি আৰু দেওবাৰে পুৱা খাদ্য সামগ্ৰী বিতৰণ কৰা দেখা যায়।

হালোৱাগাঁৱৰ শিক্ষক জয়ন্ত বৰা আৰু মাজগাঁৱৰ স্থানীয় যুৱকসকলৰ প্ৰচেষ্টাক বৃহত্তৰ অঞ্চলটোৰ লোকসকলে শলাগ লৈছে।