NORTHEAST NOW (Assamese)
অসম

বিশ্ব স্বাস্থ্য সংস্থাৰ মজিয়ালৈ পুনৰ ঘুৰি আহিব আমেৰিকা; জ’ বিডেনৰ ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 20, 2020 5:09 pm
WhatsApp Image 2020-07-10 at 1.14.08 PM

বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে পুনৰ সংযুক্ত হ’ব আমেৰিকা যুক্তৰাষ্ট্ৰ।

আমেৰিকাৰ সদ্যঘোষিত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিজয়ী প্ৰাৰ্থী জ’ বিডেনে বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে।

বিডেনে তেওঁৰ প্ৰশাসনে তেওঁ ৰাষ্ট্ৰপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ প্ৰথম দিনটোতে পুনৰ বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে সংযুক্ত হ’ব বুলি মন্তব্য প্ৰকাশ কৰে।

চীনে যাতে নিয়ম অনুসৰি চলে সেই কথা সুনিশ্চিত কৰাৰ বাবেই আমেৰিকাই পুনৰ বিশ্ব স্বাস্থ্য সংস্থাৰ মজিয়ালৈ উভতি আহিব বুলি বিডেনে ঘোষণা কৰে।

উল্লেখযোগ্য যে, বিগত জুলাই মাহত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প প্ৰশাসনে ৰাষ্ট্ৰসংঘক আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্ব স্বাস্থ্য সংস্থা ত্যাগ কৰিব বুলি আনুষ্ঠানিকভাৱে জাননী প্ৰেৰণ কৰিছিল।

ক’ৰ’না মহামাৰীৰ সংক্ৰমণৰ সময়ত বিশ্ব স্বাস্থ্য সংস্থাই চীনৰ পক্ষলৈ কাম কৰাৰ অভিযোগ তুলি ট্ৰাম্পে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আমেৰিকা আতৰি অহাৰ কথা ঘোষণা কৰিছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্ব স্বাস্থ্য সংস্থালৈ সৰ্বাধিক অৰ্থনৈতিক বৰঙণি আগবঢ়োৱা দেশ।