NORTHEAST NOW (Assamese)
অসম

১০ কোটিতকৈ কমতো দিব : সম্পত্তিৰ দাম কমাবলৈ প্ৰস্তুত প্ৰাক্তন মন্ত্ৰী ছিদ্দেক আহমেদ

Posted by: অপৰ্ণা লস্কৰ August 31, 2018 8:29 pm
siddeque-ahmed-570x320

১০ কোটি টকা পালে নিজৰ সকলো সম্পত্তি বিক্ৰী কৰি দিব বুলি দুদিন পূৰ্বে সংবাদমেল যোগে ঘোষণা কৰা প্ৰাক্তন মন্ত্ৰী ছিদ্দেক আহমেদ সাজু হৈছে দামদৰ কৰাৰ বাবে। ১০ কোটি টকা নহয়, তাতকৈ কমতো দিব পাৰে মন্ত্ৰীজনে নিজৰ সকলো সম্পত্তি।

উল্লেখযোগ্য যে যোৱা ২৮ আগষ্টত মুখ্য মন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই মন্ত্ৰীজনৰ নিলাম বজাৰৰ ঘৰত তালাচী চলোৱাৰ পিছতে কোনোবাই ১০ কোটি টকা দিলে নিজৰ সকলো সম্পত্তি বিক্ৰী কৰি দিব বুলি  ঘোষণা কৰিছিল।

কিন্তু আজি আবেলি শিলচৰ আৱৰ্ত ভৱনত মন্ত্ৰীজনে এখন সংবাদমেলত কয় যে তেওঁ সম্পত্তিৰ দামদৰ কৰিবলৈ সাজু আছে। ১০ কোটিতকৈ কমতো দিব পাৰে।

“মোৰ সম্পত্তিৰ মূল্য ১০ কোটিতকৈ বেছি নহয় আৰু মই তাতকৈ কম দামত দিবলৈও সাজু আছো।” এইদৰে কয় মন্ত্ৰীজনে।

উল্লেখযোগ্য যে মন্ত্ৰীজনৰ ঘৰত মুখ্য মন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই অভিযান চলোৱাৰ পিছত নিজৰ সম্পত্তিৰ মূল্য ১০ কোটিয়েই নহয় বুলি প্ৰমাণ কৰাৰ চেষ্টা কৰি আহিছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীজনে।

জানিব পৰামতে, মুখ্য মন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই মন্ত্ৰীজনৰ নিজৰ নামৰ উপৰি তেওঁৰ পত্নী, জীয়েক, আৰু পুতেকসকলৰ নামত বিভিন্ন ঠাইত সম্পত্তিৰ হিচাপ লৈছিল।

ইফালে মন্ত্ৰীজনে ২০১৬ চনৰ নিৰ্বাচনৰ সময়ত মনোনয়নপত্ৰত নিজৰ সম্পত্তিৰ পৰিমাণ ২ কোটি টকা বুলি উল্লেখ কৰিছিল।

“মই যোৱা তিনিদিনত অনুসন্ধানকাৰী দলক গুৱাহাটীৰ পৰাই টেলিফোনযোগে সম্পূৰ্ণ সহযোগিতা কৰিছো। মোৰ সম্পত্তিৰ পৰিমাণ ১০০০ কোটি টকা বুলি কোৱা হৈছে, যিটোৰ জৰিয়তে মানুহক বিপথে পৰিচালিত কৰা হৈছে। ইয়াত মই ৰাজনৈতিক ষড়যন্ত্ৰৰ গোন্ধ পাইছো।” প্ৰাক্তন মন্ত্ৰীজনে কয়।

তেওঁ আকৌ কয়, “মই এটা খেতিয়ক পৰিয়ালৰ পৰা আহিছো। গতিকে মই ধানখেতি, ৰবৰ বাগান, ফিছাৰি আদিত বিনিয়োগ কৰিছো। যদি মই এইবোৰ দুৰ্নীতিৰ জৰিয়তে কৰিছো, তেন্তে প্ৰমাণ কৰক কি দুৰ্নীতি কৰি মই এইবোৰ কৰিছো।”

প্ৰাক্তন মন্ত্ৰীজনে তেওঁৰ বিৰুদ্ধে এই ষড়যন্ত্ৰত কংগ্ৰেছ, বিজেপি আৰু এ আই য়ু ডি এফকে ধৰি বিভিন্ন ৰাজনৈতিক দল জড়িত থাকিব পাৰে। নিৰ্বাচনৰ পূৰ্বে তেওঁৰ ঠাইত কোনোবাই সুযোগ উলিয়াবৰ বাবেই এইবোৰ কৰা বুলি তেওঁ অভিযোগ কৰে।