NORTHEAST NOW (Assamese)
Popular Stories

ক’ভিডত আক্ৰান্ত হ’ল কাৰাবন্দী গেংষ্টাৰ চোটা ৰাজন, এইমছত ভৰ্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 27, 2021 6:48 pm
562e5

কাৰাবন্দী গেংষ্টাৰ চোটা ৰাজন ক’ভিড-১৯ত আক্ৰান্ত হৈছে।

সোমবাৰে বিয়লী তেওঁক নতুন দিল্লীস্থিত এইমছত ভৰ্তি কৰোৱা হৈছে।

মঙলবাৰে গেংষ্টাৰজনক কাৰাবন্দী কৰি ৰখা তিহাৰ জেল কৰ্তৃপক্ষই এই কথা ঘোষণা কৰিছে।

চোটা ৰাজনক তিহাৰ জেলৰ এটা বৃহৎ কুঠৰীত অকলশৰে বন্দী কৰি ৰখা হৈছে।

কুঠৰীটোত তেওঁ সুৰক্ষাজনিত কাৰণত অন্য কয়দীসকলৰ স’তে সম্পৰ্ক কৰি ৰখাত বাধা আছে।

এই অৱ্স্থাত তেওঁ ক’ভিড পজিটিভ হোৱাক লৈ সংশ্লিষ্ট কৰ্তৃপক্ষই সন্দেহ কৰিছে যে তেওঁ হয়তো কোনো জেল বিষয়াৰ পৰা সংক্ৰমিত হ’ল।

উল্লেখযোগ্য যে যোৱা চাৰি সপ্তাহত তিহাৰ জেলত ১৭০ জন কয়দী আৰু ৬০ জন জেল বিষয়া ক’ভিডত আক্ৰান্ত হৈছে।

উল্লেখযোগ্য যে ভাৰতৰ ‘ম’ষ্ট ৱাণ্টেড’ গেংষ্টাৰসকলৰ অন্যতম চোটা ৰাজনক ২০১৫ চনত ইণ্ডোনেচিয়াৰ বালিত গ্ৰেপ্তাৰ কৰা হৈছিল?

৬২ বৰ্ষীয় গেংষ্টাৰজন প্ৰায় দুই দশকধৰি ৬৮টাকৈ বৃহৎ অপৰাধৰ গোচৰত পলাতক অৱস্থাত আছিল।