NORTHEAST NOW (Assamese)
দেশ

লক্ষ্য: হৃত আস্থা উদ্ধাৰ, আজি আৰম্ভ হ’ব কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 7, 2022 11:51 am
Bharat Jodo Yatra

দেশৰ ৰাজনীতিত ক্ৰমাৎ দুৰ্বল হৈ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছে দেশৰ জনসাধাৰণৰ মাজত নিজৰ হৃত আস্থা পুনৰুদ্ধাৰ আৰু আগন্তুক ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি কন্যাকুমাৰীৰ পৰা ‘ভাৰত জোড়ো যাত্ৰা’ আৰম্ভ কৰিব। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ১৫০ দিনীয়া এই কাৰ্যসূচীয়ে ৩,৫০০ কিলোমিটাৰ পথ সামৰি ল’ব।

এই দীঘলীয়া কাৰ্যসূচীৰ আৰম্ভণিৰ পূৰ্বে আজি পুৱা ৰাহুল গান্ধীয়ে তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰস্থিত তেওঁৰ পিতৃ তথা দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ স্মাৰক দৰ্শন কৰি আশীষ লয়।

পিতৃৰ স্মৃতিসৌধ পৰিদৰ্শন কৰাৰ পিছতে গান্ধীয়ে এক টুইট যোগে কয়, “ঘৃণা আৰু বিভাজনৰ ৰাজনীতিত মই মোৰ পিতৃক হেৰুৱাইছো। মই মোৰ প্ৰিয় দেশখনকো এই একেটা কাৰকৰ বাবে হেৰুৱাব নোৱাৰো। প্ৰেমে ঘৃণাক জয় কৰিব। আশাই ভয়ক পৰাজিত কৰিব। আমি একেলগে এই বাধা অতিক্ৰম কৰিম।”

বিজেপিৰ শাসনৰ অধীনত সামাজিক মেৰুকৰণ আৰু ৰাজনৈতিক কেন্দ্ৰীকৰণৰ অভিযোগ উত্থাপন কৰি ৰাহুল গান্ধীয়ে ইতিপূৰ্বে ‘ভাৰত জোড়ো যাত্ৰা’ দেশক একত্ৰিত কৰাৰ লক্ষ্যৰে তেওঁৰ বাবে এক ‘তপস্যা’ৰ দৰে বুলি অভিহিত কৰিছিল।

কংগ্ৰেছ নেতাগৰাকীয়ে আজি সন্ধিয়া মহাত্মা গান্ধী মণ্ডপত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে যাত্ৰা উন্মোচনৰ বাবে গান্ধীক ৰাষ্ট্ৰীয় পতাকা প্ৰদান কৰিব।

৩,৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ‘ভাৰত জোড়ো যাত্ৰা’ক যোৱা শতিকাৰ পিছত দেশত আয়োজিত ‘দীৰ্ঘতম পদযাত্ৰা’ বুলি কংগ্ৰেছে অভিহিত কৰিছে। আজি সন্ধিয়া প্ৰায় ৫ বজাত এক সমদলৰ দ্বাৰা কংগ্ৰেছৰ এই বহু প্ৰত্যাশিত কাৰ্যসূচীৰ আৰম্ভণি কৰা হ’ব আৰু বৃহস্পতিবাৰে পুৱা ‘পদযাত্ৰা’ আৰম্ভ হ’ব।

ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ কৰ্মী আৰু নেতাসকলে প্ৰতিদিনে পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈ দুটা দলত বিভক্ত হৈ পদযাত্ৰা কৰিব। দুয়োটা দলে অহা ১৫০ দিনৰ ভিতৰত ১২ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চল এই কাৰ্যসূচীত সামৰি ল’ব।

কংগ্ৰেছে প্ৰকাশ কৰা এক দলীয় বিবৃতিত উল্লেখ কৰিছে যে ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা আৰম্ভ কৰিবলগীয়া এই পদযাত্ৰা কাশ্মীৰত সমাপ্ত হ’ব। কংগ্ৰেছৰ প্ৰতিখন ৰাজ্যিক কমিটিৰ সভাপতিয়ে ৰাহুল গান্ধীৰ সৈতে সহযোগিতা প্ৰদৰ্শন কৰি নিজ নিজ ৰাজ্যত ‘ভাৰত জোড়ো যাত্ৰা’ আয়োজন কৰিব বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে।

কংগ্ৰেছে লগতে কয় যে এই যাত্ৰা হৈছে বৰ্তমানলৈকে কংগ্ৰেছে গ্ৰহণ কৰা সৰ্ববৃহৎ ‘জন সম্পৰ্ক কাৰ্যসূচী’, এই কাৰ্যসূচীৰ দ্বাৰা কংগ্ৰেছে মুদ্ৰাস্ফীতি, মূল্যবৃদ্ধি আৰু নিবনুৱাকে ধৰি বিভিন্ন বিষয়ত সাধাৰণ লোকৰ সৈতে সংযোগ স্থাপনৰ চেষ্টা কৰিব বুলি কংগ্ৰেছে জানিবলৈ দিয়ে।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে এই যাত্ৰাক “ভাৰতীয় ৰাজনীতিৰ বাবে এক পৰিৱৰ্তনশীল মুহূৰ্ত আৰু ই দলটোৰ পুনৰুজ্জীৱিতকৰণৰ বাবে এক নিৰ্ণায়ক মুহূৰ্ত” বুলি অভিহিত কৰিছে।

মুঠ ১১৮ গৰাকী ‘ভাৰত যাত্ৰীয়ে’ ৰাহুল গান্ধীৰ সৈতে এই সমগ্ৰ পদযাত্ৰাত অংশগ্ৰহঞ কৰিব। প্ৰায় ৫০,০০০ নাগৰিকেও এই যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ নাম পঞ্জীয়ন কৰিছে বুলি কংগ্ৰেছে জানিবলৈ দিছে।