NORTHEAST NOW (Assamese)
অসম

শিখ সম্প্ৰদায়ৰ ইতিহাস বিকৃত কৰাৰ অভিযোগত তিনি খন কিতাপ নিষিদ্ধ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী May 1, 2022 8:23 pm

বিগত কিছুদিন ধৰি পঞ্জাৱত ইতিহাস সম্পৰ্কীয় তিনি খন গ্ৰন্থ নিষিদ্ধ কৰাৰ বাবে দাবী উঠি আহিছে।

এনে সময়তে আজি শিখৰ তথ্য বিকৃত কৰাৰ অভিযোগত পঞ্জাৱ স্কুল এডুকেশ্বন ব’ৰ্ডে তিনিখন ইতিহাসৰ কিতাপ নিষিদ্ধ কৰিছে। নিষিদ্ধ কৰা কিতাপবোৰ হৈছে ‘মডাৰ্ণ এবিচি এব হিষ্ৰী অৱ পঞ্জাৱ’, মহিন্দৰপাল কৌৰে লিখা ‘পঞ্জাৱৰ ইতিহাস’, আৰু দ্বাদশ শ্ৰেণীৰ বাবে এম এছ মানে লিখা ‘পঞ্জাৱৰ ইতিহাস’ ।

এই কিতাপবোৰ জলন্ধৰৰ প্ৰকাশকে প্ৰকাশ কৰিছে।

এই কিতাপসমূহ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণৰ বাবে এখন তদন্ত সমিতি গঠন কৰি দিয়া হৈছিল। সমিতিৰ প্ৰতিবেদন লাভ কৰাৰ পিছতে চৰকাৰে কিতাপ কেইখন নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয়।

উল্লেখ্য কিতাপ কেইখনত পঞ্জাৱৰ ইতিহাস বিকৃত কৰা বুলি কৃষক নেতা বলদেৱ সিং চিৰছাই অভিযোগ দাখিল কৰিছিল।

পিএছইবিৰ অধ্যক্ষ যোগৰাজ সিঙে প্ৰকাশ কৰা মতে এই কিতাপবোৰ বিক্ৰী নিষিদ্ধ কৰা হ’ব আৰু পঞ্জাৱৰ বিদ্যালয়সমূহত কিতাপ কেইখন পঢ়োৱা বন্ধ কৰা হ’ব।

উল্লেখ্য বহু কেইটা সংগঠনে ইয়াৰ পূৰ্বে পঞ্জাৱ স্কুল এডুকেশ্বন ব’ৰ্ডৰ (পিএছইবি) কাৰ্যালয়ৰ বাহিৰত কিতাপ কেইখন নিষিদ্ধ কৰাৰ দাবীত জনাইছিল।