NORTHEAST NOW (Assamese)
অসম

তামুলপুৰ গয়বাৰী বিটিচি পৰিষদীয় সমষ্টিত ইউপিপিএলৰ পৰিৱৰ্তনৰ শ্লোগানেৰে পদযাত্ৰা

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক October 22, 2020 10:42 pm
BTR election: UPPL takes out Parivartan rally in Tamulpur

সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ বিটিচি অঞ্চলত বিভিন্ন ৰাজনৈতিক দল সংগঠনে নিৰ্বাচনী প্ৰচাৰ কাৰ্য তীব্রতৰ কৰি তুলিছে।

প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলেও চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ।

ইয়াৰ এক অংশ হিচাপে আৰু  বিপিএফৰ সোতৰ বছৰীয়া শাসন ওফৰাবলৈ পৰিৱৰ্তনৰ স্বাৰ্থত ইউপিপিএল বিটিএডিৰ ৪০টা পৰিষদীয় সমষ্টিতেই ইউপিপিএল দলে পদযাত্ৰা কাৰ্যসূচী হাতত লৈছে।

বৃহস্পতিবাৰে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ২৮ নম্বৰ গয়বাৰী বিটিচি পৰিষদীয় সমষ্টিত পৰিৱৰ্তনৰ যাত্ৰাৰ শ্লোগানেৰে এই  পদযাত্রা কাৰ্যসূচী ৰূপায়ন কৰা হয়।

তামুলপুৰৰ ৰামেচুবুৰী-দোংপাৰৰ পৰা আৰম্ভ কৰা এই পদযাত্ৰা  কাৰ্যসূচীৰ শুভাৰম্ভ কৰে স্থানীয় সমাজকৰ্মী কালিৰাম কলিতাই।

পুৱা ৯-০০ বজাত আৰম্ভ কৰা পদযাত্ৰা অনুষ্ঠানত অংশ গ্ৰহণ কৰে ইউপিপিএল দলৰ সভাপতি তথা ২৮ নং গয়বাৰী বিটিচি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী প্ৰমোদ বড়োই।

অনুষ্ঠানটোত অংশ গ্ৰহণ কৰি ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে কয়- সম্প্ৰতি বিপিএফ শাসনৰ অন্ত পেলাই বিটিআৰ অঞ্চলৰ জনসাধাৰনে পৰিৱৰ্তন বিচাৰিছে। হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ সোঁতৰ বছৰীয়া শাসনৰ পৰিৱৰ্তন বিচাৰি ৰাইজ আজি ৰাজপথলৈ  ওলাই আহিছে। সম্প্ৰতি আমি ইউপিপিএল দলে বিটিআৰত শান্তি-সম্প্ৰীতি-উন্নয়ন- ভাতৃত্ববোধ বিচাৰো, শৈক্ষিক উন্নয়ন বিচাৰো, সামাজিক উন্নয়ন বিচাৰো, বিচাৰো অৰ্থনৈতিক উন্নয়ন। এই  পদযাত্ৰাৰ জৰিয়তে গ্ৰামাঞ্চলত প্ৰৱেশ কৰি সকলো জাতি-জনগোষ্ঠীক একত্ৰিতকৰণেৰে সজাগতাৰ সৃষ্টি কৰি  ৰাজনৈতিক পৰিবৰ্তনৰ জৰিয়তে বিটিআৰ অঞ্চলৰ সামগ্ৰিক উন্নয়ন কৰিব বিচাৰিছো আৰু এই ক্ষেত্ৰত সৰ্ববস্তৰৰ  ৰাইজৰ যথেষ্ট সঁহাৰিও পাইছো।

প্ৰসংগক্ৰমে তেওঁ কয়-  বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হলে ইউপিপিএল দলেই একক সংখ্যা গৰিষ্ঠতা লাভ কৰি  কোকৰাঝাৰৰ মচনদ দখল কৰিব। ইয়াত কোনো চিন্তা বা সন্দেহ কৰিব লগা একো নাই।

আজিৰ পদযাত্ৰা অনুষ্ঠানত অংশ গ্রহন কৰি  মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই বিটিচিত দুৰ্নীতি হোৱা নাই বুলি কোৱা কথাক নস্যাৎ কৰি প্ৰমোদ বড়োয়ে কয় যে  বিটিচিত বিগত সোতৰ বছৰে ব্যাপক দুৰ্নীতি, স্বজন-তোষণ, লুণ্ঠন আৰু অনিয়ম সংঘটিত হৈছে। এই দুৰ্নীতিবোৰ যদি কোনোবাই ৰাজনৈতিক লাভালাভৰ বাবে দেখা নাই বুলি কয়, তেন্তে আমাৰ ক’ব লগা একো নাই।  কোনোবাই যদি চকুত ক’লা কাপোৰ পিন্ধি আছে তেতিয়াহ’লে এই কথা আমি নাজানো।

২৮ নং গয়বাৰী বিটিচি পৰিষদীয় সমষ্টিৰ ৰামেচুবুৰী- দোংপাৰ গাঁওৰ পৰা আৰম্ভ কৰা এই পদযাত্রা কাৰ্যসূচীত অংশগ্ৰহণকাৰী সকলে ইউপিপিএল জিন্দাবাদ , প্ৰমোদ বড়ো জিন্দাবাদ , আমাক লাগে পৰিৱৰ্তন আদি ধ্বনিৰে সমগ্ৰ অঞ্চল উত্তাল কৰি তোলে আৰু পদযাত্ৰাকাৰী সকলে গয়বাৰী পৰিষদীয় সমষ্টিৰ কেইবাখনো গাঁও পৰিভ্ৰমণ কৰে।