NORTHEAST NOW (Assamese)
অসম

বিশ্ব স্বাস্থ্য সংস্থা নহয় চীন স্বাস্থ্য সংস্থা নামকৰণ কৰক; ক’ৰ’না ভাইৰাছক লৈ জাপানৰ সমালোচনা বিশ্ব স্বাস্থ্য সংস্থাক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 3, 2020 11:42 am
WHO

ক’ৰ’না ভাইৰাছ মহামাৰীয়ে সমগ্ৰ বিশ্বত আতংকৰ সৃষ্টি কৰি থকাৰ সময়ত জাপানৰ উপ-প্ৰধান মন্ত্ৰী আছ’ টাৰোই বিশ্ব স্বাস্থ্য সংস্থাৰ সমালোচনাত মুখৰ হৈ পৰিছে।

ক’ৰ’না ভাইৰাছৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাই চীনৰ পক্ষ লোৱা বুলি অভিযোগ কৰি টাৰোই বিশ্ব স্বাস্থ্য সংস্থাক চীনা স্বাস্থ্য সংস্থা বুলি পুনৰ নামাকৰণ কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰে।

জাপানৰ সংসদত দিয়া এক ভাষণত এনেদৰে উপ-প্ৰধান মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰা কাৰ্য্যই এতিয়া সমগ্ৰ বিশ্বত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

আনহাতে, তেওঁ বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য সচিৱ ট্ৰেদ্ৰোছ আধান’মৰো পদত্যাগৰ দাবী তোলে।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ বাবে জাপানে ২০২০ চনত টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক ২০২১ চনলৈ পিছুৱাবলৈ বাধ্য হয়।

জাপানে অলিম্পিকৰ বাবে বৰ্তমানলৈ ৩৫ ট্ৰিলিয়ন য়েন(১২.৩৫ ডলাৰ) বিনিয়োগ কৰিছে।

জাপানত বৰ্তমানলৈ ২৫,০০০-ৰো অধিক ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে যাৰ ভিতৰত ৬৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

ইয়াৰপূৰ্বে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও বিশ্ব স্বাস্থ্য সংস্থাই চীনৰ পক্ষ লোৱা বুলি সমালোচনা কৰিছিল।