NORTHEAST NOW (Assamese)
অসম

এ পি এছ চি পৰীক্ষাত ব্যৱহাৰ কৰিব নোৱাৰিব ইলেকট্ৰনিক গেজেট

Posted by: পাৰ্শ্বজ্যোতি গগৈ December 29, 2018 7:41 pm

কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ’ব লগীয়া অসম লোকসেৱা আয়োগৰ পৰীক্ষাত যিকোনো ধৰণৰ ইলেকট্ৰনিক বা কাৰিকৰী যোগাযোগ সঁজুলি যেনে মোবাইল ফোন, ব্লু-টুথ, ইয়েৰ ফোন, ডিজিটেল ঘড়ী আদি পৰীক্ষা হললৈ নিয়াত আয়োগে নিষেধাজ্ঞা আৰোপ কৰিছে। তাৰোপৰি নিৰ্দেশনা অনুসৰি পানীৰ বটল, লেডিজ পাৰ্চ আদিও পৰীক্ষা হলৰ ভিতৰলৈ নিব নোৱাৰিব।

আনহাতে আয়েগৰ নিৰ্দেশনা অমান্য কৰিলে বা অন্যান্য অসৎ উপায় অৱলম্বন কৰিলে পৰীক্ষাৰ্থীক এই পৰীক্ষাৰ লগতে আয়েগে অনুষ্ঠিত কৰা যিকোনো ধৰণৰ পৰীক্ষাত বহিবলৈ দিয়া নহ’ব বুলি আয়োগৰ তৰফৰ পৰা এক নিৰ্দেশনা জাৰি কৰিছে।

অৱশ্যে পৰীক্ষাৰ্থীয়ে নিজৰ ই প্ৰৱেশ পত্ৰ, ফটো সম্বলিত পৰিচয় পত্ৰ, ক’লা বা নীলা চিঁয়াহীৰ কলম, ক্লিপব’ৰ্ড  পৰীক্ষা কেন্দ্ৰলৈ নিব পাৰিব বুলি জানিবলৈ দিয়ে।

শিৱসাগৰঃ

৩০ ডিচেম্বৰত সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো অনুষ্ঠিত হ’ব অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা। শিৱসাগৰৰ চাৰিটা কেন্দ্ৰ ক্ৰমে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়, বীৰ লাচিত বৰফুকন মহাবিদ্যালয় আৰু ফুলেশ্বৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’ব।

সেয়ে এ পি এছ চি প্ৰাৰম্ভিক পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ শিৱসাগৰ জিলা প্ৰশাসনে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষা কেন্দ্ৰ চাৰিটাৰ আশে-পাশে অধিক সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ লগতে আইন শৃংখলতা পৰিস্থিতি তদাৰকাৰী বাবে দুগৰাকী দণ্ডাধীশো নিয়োগ কৰিছে।

ইফালে শিৱসাগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই সকলো পৰীক্ষাৰ্থীক শুভেচ্চা জ্ঞাপন কৰাৰ লগতে সকলোকে শান্তিপূৰ্ণভাৱে আৰু শৃংখলাবদ্ধভাৱে পৰীক্ষাত বহিবলৈ আহ্বান জনায়।