NORTHEAST NOW (Assamese)
অসম

চতুৰ্থবাৰৰ বাবে স্বামীয়ে পাতিব বিয়া, কইনা বিচৰাত ব্যস্ত পূৰ্বৰ তিনি পত্নী!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 20, 2020 5:00 pm
a pakistan

বিয়া পতাটো লোক জনৰ চখ বুলি কলেও হয়তো বঢ়াই কোৱা নহ’ব।

কাৰণ এবাৰ দুবাৰকৈ তেওঁ এতিয়ালৈকে তিনিবাৰ বিয়া পাতিলেই।

এইবাৰ চতুৰ্থ বিবাহৰ বাবে মন মেলিছে লোক জনে।বিয়া পাতি ভালপোৱা এই লোকজনৰ নাম আদনান।

পাকিস্তানৰ শিয়ালকোটৰ বাসিন্দা আদনানে এইবাৰ পুনৰ বিয়া পাতিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।

আদনানে প্ৰথম বিয়া পাতিছিল ১৬ বছৰ বয়সতে। তেতিয়া তেওঁ বিদ্যালয়ত পঢ়ি আছিল। পঢ়ি থকা অৱস্থাতে আদনানৰ সৈতে সংসাৰ আৰম্ভ কৰিছিল সম্বল নামৰ যুৱতী গৰাকীয়ে।

ইয়াৰ কিছুবছৰ পিছত আদনানে বিয়া পাতিছিল শাবানা নামৰ যুৱতী গৰাকীক।

শাবানক বিয়া পতাৰ এবছৰ মান পিছতে লোক জনে শাহিদা নামৰ আন এগৰাকী যুৱতীক বিয়া কৰায়।

তিনিওগৰাকী পত্নী আৰু পাঁচটি সন্তানকলৈ আদনানৰ সংসাৰ সুখেৰেই চলি আছে যদিও এতিয়া তেওঁ বিচাৰিছে চতুৰ্থ বিবাহ কৰিবলৈ। ইতিমধ্যে নিজৰ মনৰ কথা তিনিও গৰাকী পত্নীকে খুলি কৈছে আদনানে।

কোনো এগৰাকী পত্নীয়েই আদনানৰ ইচ্ছাৰ বিৰুদ্ধে যাব বিচৰা নাই।

ইয়াৰ বিপৰীতে স্বামীৰ বাবে চতুৰ্থ গৰাকী পত্নী বিচৰাত ব্যস্ত হৈ পৰিছে তিনিও গৰাকী পত্নী।যাকে পাইছে তাকে খাটনি ধৰিছে স্বামীৰ বাবে এজনী ধুনীয়া ছোৱালী চাই দিবলৈ।

আদনানৰ তৃতীয়া পত্নী শাহিদাই সংবাদ মাধ্যমৰ আগত কৈছে যে স্বামীৰ সুখেই তেওঁলোকৰ সুখ।

সেয়ে স্বামীৰ ইচ্ছাৰ বিৰুদ্ধে তেওঁলোকে যাব বিচৰা নাই।