NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় মন্ত্ৰী ডি ভি সদানন্দ গৌড়া কোভিড প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 20, 2020 4:44 pm

কেন্দ্ৰীয় সাৰ আৰু ৰাসায়নিক মন্ত্ৰী  ডি ভি সদান্দ গৌড়াৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

জানিব পৰা মতে, কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ কিছু লক্ষণে দেখা দিছে।

‘‘প্ৰথম পৰ্যায়ত ক’ৰ’নাৰ সাধাৰণ লক্ষণ দেখা দিয়াৰ পাছত মই ক’ৰ’না পৰীক্ষা কৰাও আৰু মোৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। মই নিজকে আইছ’লেশ্যনত ৰাখিছো,’’ সদানন্দ গৌড়াই কয়।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোকক সাৱধানে থকাৰ বাবে আহ্বান জনোৱাৰ লগতে কোভিড প্ৰ’টকল সমূহ মানি চলাৰ বাবে অনুৰোধ কৰে।

উল্লেখযোগ্য যে, দিপাৱলীৰ পাছতে ভাৰতৰ কোভিড আক্ৰান্তৰ সংখ্যাত নাটকীয় পৰিবৰ্তন অহা পৰিলক্ষিত হৈছে।

চলিত সপ্তাহত দেশত নতুনকৈ কোভিড আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৫০ শতাংশ বৃদ্ধি পাইছে।

বহুসংখ্যক লোকে উৎসৱৰ বতৰত কোভিড প্ৰটকল মানি নচলাৰ বাবেই দেশত ক’ৰ’নাৰ পুনৰ সংস্পৰ্শন তীব্ৰ হাৰত বৃদ্ধি পাইছে বুলি আশা কৰা হৈছে।