NORTHEAST NOW (Assamese)
অসম

চামগুৰিত নিশা শোকাৱহ পথ দুৰ্ঘটনা; থিতাতে নিহত এগৰাকী ব্যক্তি

Posted by: বিদ্যুত জ্যোতি বৰা Updated by: বিদ্যুত জ্যোতি বৰা November 20, 2020 4:28 pm
চামগুৰিত নিশা শোকাৱহ পথ দুৰ্ঘটনা; থিতাতে নিহত এগৰাকী ব্যক্তি

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমনিত বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনা এজন লোক থিতাতে নিহত হোৱাৰ লগতে এজন লোক আঘাতপ্ৰাপ্ত হয়।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, চাপানলাৰ জিয়াজুৰি অঞ্চলৰ পৰা মিছাৰ কেলিডেন অভিমুখে এ এছ ০২ জেদ ২৩০৭ নম্বৰৰ বাইকখনে আমনিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইদাৰত খুন্দা মাৰি দুৰ্ঘটনাত পতিত হয়।

এই দুৰ্ঘটনাটোৰ ফলত বাইক আৰোহী প্ৰসেনজিৎ দে (১৯) নামৰ যুৱকজন থিতাতে নিহত হয় লগতে আন এগৰাকী বাইকখনৰ আৰোহী সামান্য পৰিমাণে আঘাত প্ৰাপ্ত হয় বুলি আৰক্ষীৰ সুত্ৰত প্ৰকাশ পায়।

পিছত ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ নিহত প্ৰসেনজিৎ দেক উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে আঘাতপ্ৰাপ্ত আন গৰাকী বাইক আৰোহীক চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰি চিকিৎসাৰ ব্যৱস্থা কৰে।

নিহত প্ৰসেনজিৎ দেৰ ঘৰ জিয়াজুৰি চাহ বাগিছাত বুলি জানিব পৰা গৈছে।