NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰ তালাচীত আৱদ্ধ অবৈধ শিল সৰবৰাহ কৰা ১০ খন ডাম্পাৰ বনকৰ্মী নহাত পলায়ন

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ May 15, 2021 6:36 am
IMG_20210514_182211

ক’ভিড-১৯ মহামাৰিৰ মাজতো ডিগবৈ বন সংমণ্ডলৰ অধীনৰ মাৰ্ঘেৰিটা মহকুমাত অবৈধ শিলৰ বেহা চলি থকা তথ্য পোৱা গৈছে।

শুকুৰবাৰে মাৰ্ঘেৰিটা বুঢ়ী দিহিং নদীৰ দলঙৰ সমীপত থকা মাৰ্ঘেৰিটা আৰক্ষীৰ তালাচী চকীত আবদ্ধ হয় নথিপত্ৰ বিহীন ভাবে শিল কঢ়িয়াই অনা দহ খন ডাম্পাৰ। এই ডাম্পাৰ সমূহে জাগুনৰ দিশৰ পৰা অবৈধ ভাবে শিল কঢ়িয়াই আনিছিল।

মাৰ্ঘেৰিটাৰ বন বিভাগৰ লোকক আৰক্ষী তথা স্থানীয় সাংবাদিক সকলৰ তৰফৰ পৰা খবৰ দিয়াৰ পাছতো পশ্চিম মাৰ্ঘেৰিটা আঞ্চলিক বনবিভাগৰ কাৰ্যালয়ৰ পৰা তিনি ঘন্টাৰ পাছতো কোনো নহাত সুযোগ বুজি শিল ভৰ্ত্তি ডাম্পাৰ কেইখন পলায়ন কৰে |

বন বিভাগৰ কাৰ্যালয়ৰ পৰা মাত্র পাঁচশ মিটাৰ দূৰৈত আৰক্ষীৰ হাতত আবদ্ধ হোৱা গাড়ী কেইখনৰ ওচৰলৈ বন বিভাগৰ লোক তিনি ঘন্টাৰ পাছতো নহাটো তাৎপয্যপূৰ্ণ বুলি বিবেচিত হৈছে।

উল্লেখ্য যে জাগুন, লেখাপানী আৰু ডিৰক অঞ্চলৰ পৰা প্ৰতিদিনে শতাধিক অবৈধ শিল ভৰ্ত্তি ডাম্পাৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সৰবৰাহ হৈ আহিছে যদিও জাগুন, লেখাপানী আৰু মাৰ্ঘেৰিটা বন বিভাগৰ একাংশ বিষয়াৰ শিল মাফিয়াৰ সৈতে গোপন অংকৰ বুজাবুজিৰ বাবেই ৰাজ্য চৰকাৰে হেৰুৱাব লগা হৈছে বৃহৎ পৰিমাণৰ ৰাজহ।

এইক্ষেত্ৰত বিজেপি নেতৃত্বাধীন নতুন চৰকাৰ খনে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব।

জাগুন,লেখাপানী আৰু ডিৰক অঞ্চলৰ পৰা একাংশ শিল মাফিয়াই প্ৰতিদিনে নথিপত্ৰ বিহীনভাৱে একাংশ বন বিভাগৰ লোকক মেনেজ কৰি অবৈধ শিল সৰবাৰহৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে।

এইক্ষেত্ৰত বন বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষক কঠোৰ হ’বলৈ সচেতন মহলে দাবী জনাইছে। আনহাতে, এখন টিপি-চালানৰ জৰিয়তে কেইবাবাৰো শিল সৰবৰাহ কৰি অহাৰ তথ্য পোৱা গৈছে। এইক্ষেত্ৰত বন বিভাগ চকুমুদা কুলিৰ ভাও ধৰাৰ অভিযোগ উত্থাপন হৈছে।