NORTHEAST NOW (Assamese)
Popular Stories

Jacqueline Fernandez: জেৰাৰ পাছত মুম্বাই বিমানবন্দৰ এৰাৰ অনুমতি জেকুলিনক; দিল্লীত দেখা কৰিব লাগিব ইডিক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 6, 2021 9:10 am
WhatsApp Image 2021-12-06 at 8.38.43 AM

Jacqueline Fernandez দেওবাৰে মুম্বাই বিমানবন্দৰত আটক কৰা হৈছিল বলীউদৰ মোহময়ী অভিনেত্ৰী জেকুলিন ফাৰ্ণাণ্ডেজক। প্ৰাথমিকভাৱে জেৰা কৰাৰ পাছত অবিনেত্ৰীগৰাকীক বিমানবন্দৰ এৰাৰ অনুমতি দিয়া হৈছে।

অৱশ্যে, দেশ এৰি যোৱাৰ অনুমতি দিয়া হোৱা নাই জেকুলিনক। দেওবাৰে বিদেশলৈ যোৱাৰ পথত আটক কৰা হৈছিল অভিনেত্ৰীগৰাকীক।

জেকুলিনৰ সৈতে সম্পৰ্কত জড়িত হৈ পৰা প্ৰেমিক সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে ২০০কোটি টকাৰ প্ৰৱঞ্চনাৰ অভিযোগৰ গোচৰত তদন্তৰ বাবে ইডিয়ে জেকুলিনৰ নামত লুক আউট নটিছ জাৰি কৰিছিল।

শেহতীয়াভাৱে সুকেশৰ সৈতে জেকুলিনৰ এখন অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল হৈ পৰিছে।

Also Read: Omicron in India: ৰাজস্থানতো অ’মিক্ৰণত আক্ৰান্ত ৯জন; মহাৰাষ্ট্ৰত ৭জনকে ধৰি দেশত ২১জনলৈ বৃদ্ধি

বাতৰি অনুসৰি, দেওবাৰে জেকুলিনে এটি অনুষ্ঠানত ভাগ ল’বলৈ ডুবাইলৈ যাব বিচাৰিছিল। বিমানত উঠাৰ পূৰ্বেই বিষয়াসকলে জেকুলিনক আটক কৰে। ইডিৰ বিষয়াসকলে জেকুলিনক গ্ৰেপ্তাৰ কৰা নাই আৰু প্ৰাথমিক জেৰাৰ পাছতে বিমানবন্দৰৰ পৰা যাবলৈ দিয়া হয় অভিনেত্ৰীগৰাকীক।

জানিব পৰা মতে, শীঘ্ৰেই দিল্লীত ইডিয়ে অভিনেত্ৰীগৰাকীক জেৰা চলাব। ইয়াৰ পূৰ্বেও জেকুলিন দুবাৰকৈ ইডিৰ জেৰাৰ সন্মুখীন হৈছিল।

বাতৰি মতে, সুকেশৰ বিৰুদ্ধে ইডিয়ে দাখিল কৰা চাৰ্জশ্বীটত উল্লেখ কৰা হৈছে যে জেকুলিনৰ বাবে সুকেশে ১০ কোটি টকা খৰচ কৰিছিল।

WhatsApp Image 2021-12-06 at 8.37.52 AM
জেকুলিন আৰু প্ৰেমিক সুকেশৰ ভাইৰেল ফটো।

দুয়োজনৰে মাজত প্ৰথম পৰিচয় ঘটিছিল ২০২১ চনৰ জানুৱাৰীত। এই সময়ছোৱাৰ ভিতৰতে তাৰকা অভিনেত্ৰীৰ চোৱাচিতাৰ বাবে প্ৰতাৰণাৰ গোচৰত অভিযুক্ত সুকেশে এই বৃহৎ পৰিমানৰ ধন ব্যয় কৰিছিল।

তিহাৰ জে’লত থকাৰ সময়তো সুকেশৰ সৈতে নিয়মিত যোগাযোগ ৰক্ষা কৰিছিল জেকুলিনে। সেইদৰে শেহতীয়াকৈ ভাইৰেল হোৱা অন্তৰংগ মুহূৰ্তৰ ফটোসমূহ সুকেশ অন্তৰ্ৱৰ্তী জামিন থকা এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰৰ বুলি ঠাৱৰ কৰা হৈছে।