NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত নকল পাঁচশ টকীয়া নোটসহ নকল টকা বনোৱা মেচিন, নকল সোণৰ মূৰ্তি জব্দ; দুজনক গ্ৰেপ্তাৰ

Posted by: কাজি জেইদুল ইছলাম, বিশ্বনাথ Updated by: কাজি জেইদুল ইছলাম, বিশ্বনাথ December 6, 2021 10:42 am
Fake Currency Biswanath

বিশ্বনাথ আৰক্ষীয়ে দেওবাৰে নিশা এক অভিযান চলাই বৃহৎ পৰিমানৰ নকল পাঁচশ টকীয়া নোটসহ নকল টকা বনোৱা মেচিন আৰু তিনিটাকৈ নকল সোণৰ মূৰ্তি উদ্ধাৰ কৰে।

অৰক্ষীৰ অভিযানত বিশ্বনাথৰ কুঁহিয়াৰবাৰীত জব্দ কৰা হয় এই বৃহৎ পৰিমানৰ নকল পাঁচশ টকীয়া নোটসহ নকল টকা বনোৱা মেচিনৰ লগতে তিনিটাকৈ নকল সোণৰ মূৰ্তি।

বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথৰ নেতৃত্বত আৰু উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাৰ সহযোগত জিনজিয়া আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি জব্দ কৰিবলৈ সক্ষম হয় এই সামগ্ৰী সমূহ।

Also Read: Jacqueline Fernandez: জেৰাৰ পাছত মুম্বাই বিমানবন্দৰ এৰাৰ অনুমতি জেকুলিনক; দিল্লীত দেখা কৰিব লাগিব ইডিক

বিশ্বনাথৰ  জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত কুঁহিয়াৰবাৰীৰ এৰাগাওঁৰ মতিবুৰ ৰহমান নামৰ লোক জনৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় এই সামগ্ৰীসমূহ।

আৰক্ষীয়ে মুঠতে এটা নকল টকা বনোৱা মেচিন, এপিনে মুদ্ৰিত নকল পাঁচশ টকীয়াৰ সৈতে দুটাকৈ পেপাৰ বাণ্ডিল, সন্দেহজনক নকল ভাৰতীয় টকাৰ সৈতে এশটকীয়া নোটৰ তিনিটা বাণ্ডিল, নকল সোণেৰে বনোৱা যীশুখ্ৰীষ্টৰ তিনিটা মূৰ্তি আৰু দুটা মোবাইল হেণ্ডছেট জব্দ কৰে।   

Also Read: বনভোজ খাবলৈ গৈ ধনশিৰিত নিখোজ নুমলীগড় শোধনাগাৰৰ জ্যেষ্ঠ অভিযন্তা

এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ৰচিদা বেগম আৰু জাকিৰ হুছেইন নামৰ দুজনক আৰক্ষীয়ে আটক কৰিছে।