NORTHEAST NOW (Assamese)
দেশ

৩১ জানুৱাৰীলৈ বৃদ্ধি আন্ত: ৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমান চলাচলৰ নিষেধাজ্ঞা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 9, 2021 8:12 pm
International passenger flights

অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে বাণিজ্যিক আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমানৰ ওপৰত নিষেধাজ্ঞা ৩১ জানুৱাৰীলৈ বৃদ্ধি কৰিছে।

কৰ’ণা ভাইৰাছৰ নতুন প্ৰকাৰ অ’মিক্ৰনক লৈ বাঢ়ি অহা উদ্বেগৰ মাজতে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে (ডিজিচিএ) ১ ডিচেম্বৰৰ পৰা নিৰ্ধাৰিত আন্তঃৰাষ্ট্ৰীয় বিমান সমূহ পুনৰ আৰম্ভ নকৰাৰ সিদ্ধান্ত লৈছে।

বৃহস্পতিবাৰে এক বিজ্ঞপ্তি জাৰি কৰি কয়, “সক্ষম কৰ্তৃপক্ষই ভাৰতলৈ আৰু ইয়াৰ পৰা অনুসূচীত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক যাত্ৰী সেৱা ৩১ জানুৱাৰী, ২০২২ ৰ ২৩৫৯ ঘণ্টালৈ স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।”