NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত পুনৰ ক’ৰ’না মুক্ত ৪৪৯ গৰাকী; মুঠ আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৭৮৮২ গৰাকীলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 6, 2020 9:26 pm
ৰাজ্যত পুনৰ ক’ৰ’না মুক্ত ৪৪৯ গৰাকী; মুঠ আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৭৮৮২ গৰাকীলৈ বৃদ্ধি

অসমত ক’ৰ’না আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পালেও ৰাজ্যত চিকিৎসাৰ অন্তত ক’ৰ’না মুক্ত হোৱা লোকৰ সংখ্যাও ক্ৰমান্বয়ে বৃদ্ধি পাইছে।

আজি কিছু সময় পূৰ্বে ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ পৰা মুঠ ৪৪৯ গৰাকী ক’ৰ’না আক্ৰান্ত ৰোগীক ক’ৰ’না মুক্ত ঘোষণা কৰি ঘৰলৈ যাবলৈ দিয়া হয়।

এই সকল লোকক দুবাৰকৈ কৰা ক’ৰ’নাৰ পৰীক্ষাত ফলাফল নিগেটিভ অহাৰ পাছতে চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হয়।

আজি ক’ৰ’না মুক্ত হোৱা ৪৪৯ গৰাকী লোকৰ সৈতে ৰাজ্যত মুঠ ক’ৰ’না মুক্ত লোকৰ সংখ্যা ৭৮৮২ গৰাকীলৈ বৃদ্ধি পায়।

অসমত বৰ্তমান বিভিন্ন চিকিৎসালয়ত মুঠ ৩৮৩৭ গৰাকী লোক চিকিৎসাধীন হৈ আছে।

অসমত এতিয়ালৈ ১১,৭৩৬ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে এতিয়ালৈ ১৪ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

আজি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খানাপাৰা স্থিত কোভিড চিকিৎসা কেন্দ্ৰত উপস্থিত হৈ পৰিস্থিতি পৰ্যালোচনা কৰে।