NORTHEAST NOW (Assamese)
Popular Stories

ডিব্ৰুগড় জিলা বিজেপিৰ সাধাৰণ সম্পাদকক গ্ৰেপ্তাৰ

Posted by: অভিক চক্ৰৱৰ্তি Updated by: অভিক চক্ৰৱৰ্তি July 6, 2020 9:23 pm

১ জুলাইত ডিব্ৰুগড়ৰ তাৰা দাস নামৰ এগৰাকী মহিলাই আত্মহত্যা কৰা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত তেওঁৰ স্বামী নয়ন দাসক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নয়ন দাস এগৰাকী বিজেপি নেতা।

তাৰা দাস নামৰ মহিলা গৰাকী আত্মহত্যা কৰাৰ আঁৰত তেওঁৰ স্বামী নয়ন দাস জড়িত থকাৰ অভিযোগ তুলি বাণীপুৰ মহিলা সংস্থাই আৰক্ষীৰ ওচৰত দিয়া অভিযোগৰ ভিত্তিতে আজি তেওঁক গ্ৰেপ্তাৰ কৰে।

যোৱা ১ জুলাইত তাৰা দাসৰ মৃতদেহ বাণীপুৰস্থিত বাসগৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয়।

উল্লেখ্য যে, বিজেপি ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদকৰ লগতে ভাৰতীয় যুৱ মৰ্চাৰ জিলা সভাপতিৰ দায়িত্বত আছে নয়ন দাস। ইতিমধ্যে ডিব্ৰুগড় জিলা বিজেপিয়ে নয়ন দাসক বহিস্কৃত কৰিছে।

ভাৰতীয় দণ্ডবিধিৰ আইন অনুসৰি ৩০৬ ধাৰাৰ অধীনত ১০৬৬/২০২০ নম্বৰত ডিব্ৰুগড় আৰক্ষী থানাত নয়ন দাসৰ বিৰুদ্ধে এঠা গোচৰ ৰুজু হৈছিল।

’বাণীপুৰ মহিলা সংস্থাৰ গোচৰৰ ভিত্তিত নয়ন দাসক গ্ৰেপ্তাৰ কৰা হৈছে। নয়ন দাস হৈছে যোৱা ১ জুলাইত আত্মহত্যা কৰা তাৰা দাসৰ স্বামী’, এই ভাষ্য ডিব্ৰুগড় আৰক্ষীৰ।