NORTHEAST NOW (Assamese)
অসম

কোভিড-১৯ৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী-বিশ্বনাথৰ মাজত যাতায়তৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম July 6, 2020 9:49 pm
images (3)

কামৰূপ মহানগৰ জিলাত কোভিড-১৯ৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পোৱা পৰিপ্ৰেক্ষিতত বিভিন্ন জিলাই কামৰূপ মহানগৰ জিলাৰ সৈতে যাতায়ত বাতিল কৰাৰ পাছত আজি বিশ্বনাথ জিলাৰ পৰাও কামৰূপ মহানগৰলৈ যাতায়ত বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বিশ্বনাথ জিলা দণ্ডাধীশে এক নিৰ্দেশ যোগে বিশ্বনাথ জিলাৰ পৰা কামৰূপ মহানগৰ জিলালৈ আৰু কামৰূপ মহানগৰ জিলাৰ পৰা বিশ্বনাথ জিলালৈ ৰাইজৰ অহা-যোৱাত নিষেধাজ্ঞা আৰোপ কৰে।

বিশ্বনাথ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ তথা জিলা দণ্ডাধীশ ধ্ৰুৱজ্যোতি দাসে দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ ৰ  ৩৪ ধাৰাৰ অধীনত এই নিৰ্দেশ জাৰি কৰিছে।

বিশ্বনাথ জিলা‌বাসী ৰাইজক কোভিড-১৯-ৰ সাম্ভাব্য সামাজিক সংক্ৰমণৰ পৰিস্থিতিৰ পৰা ৰক্ষা কৰা স্বাৰ্থতে জাৰি কৰা এই নিৰ্দেশনা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব।

ইয়াৰ লগতে বিশ্বনাথ জিলাৰ বিভিন্ন বিভাগীয় মুৰব্বী বিষয়া সকলকো নিজৰ অধীনত কৰ্মৰত আন‌ বিষয়া কৰ্মচাৰী সকলেও যাতে এই নিৰ্দেশ‌ মানি চলে তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈও জিলা উপায়ুক্ত গৰাকীয়ে কঠোৰ নিৰ্দেশ দিয়ে।