NORTHEAST NOW (Assamese)
দেশ

মানুহ গৈ চন্দ্ৰ পালেগৈ : নিম্নবৰ্গৰ হোৱাৰ বাবেই গংগাজলেৰে শুদ্ধি কৰা হ’ল কানহাইয়া কুমাৰে দৰ্শন কৰা মন্দিৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 29, 2025 8:48 am

বিহাৰৰ সহাৰছা জিলাত সংঘটিত হৈছে আধুনিক সমাজ-সভ্যতাক লজ্জানত কৰা ঘটনা।

অভিযোগ অনুসৰি, কংগ্ৰেছ নেতা কানহাইয়া কুমাৰে দৰ্শন কৰাৰ পিছত গংগা জলেৰে শুদ্ধি কৰা হ’ল এটা মন্দিৰ। এই ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ বিতৰ্কৰ।

এই ঘটনাৰ পিছত কংগ্ৰেছে অভিযোগ কৰিছে যে কংগ্ৰেছৰ সমৰ্থক হোৱাৰ বাবেই কানহাইয়া কুমাৰক “অস্পৃশ্য” জ্ঞান কৰা হৈছে। এই ঘটনাক হিন্দুত্ববাদী বিজেপি দলৰ ৰাজনৈতিক প্ৰত্যাখান বুলি উল্লেখ কৰিছে কংগ্ৰেছে।

জানিব পৰা মতে, ‘প্ৰবজন বন্ধ কৰক আৰু নিবনুৱাক সংস্থাপন দিয়ক’ শীৰ্ষক এক ভ্ৰমণৰ সময়ত কানহাইয়া কুমাৰে পৰিদৰ্শন কৰিছিল এটা দুৰ্গা মন্দিৰ। মন্দিৰৰ চৌহদৰ পৰাই ভাষণ দিছিল নেতাগৰাকীয়ে।

তাৰপিছতেই পোহৰলৈ আহে আন এক দৃশ্য। ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত দেক্হা পোৱা গৈছে যে কানহাইয়া কুমাৰে মন্দিৰ দৰ্শন কৰাৰ পিছত কেইজনমান লোকে মন্দিৰটো পানীৰে পৰিস্কাৰ কৰাৰ লগতে গংগা জলেৰে শুদ্ধি কৰিছে।

অৱশ্যে এই সম্পৰ্কে কানহাইয়া কুমাৰে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও কংগ্ৰেছৰ মুখপাত্ৰ জ্ঞান ৰঞ্জন গুপ্তাই কয় যে, “আমি জানিব বিচাৰো যে কেৱল আৰ এছ এছ আৰু বিজেপি সমৰ্থকহে পবিত্ৰ মানুহ আৰু বাকীসকল অস্পৃশ্য নেকি? এই কাৰ্য্যই ভগৱান পৰশুৰামৰ বংশধৰক অপমান কৰিছে। আমি অতি সংস্কৃতকৰণৰ নতুন পৰ্যায়ত প্ৰৱেশ কৰিছো নেকি য’ত অবিজেপি দল আৰু সমৰ্থকক অস্পৃশ্য হিচাপে গণ্য কৰা হ’ব?”

অৱশ্যে বিজেপিৰ মুখপাত্ৰ অসিত নাথ তিৱাৰীয়ে কয় যে, “প্ৰথমে আমি কানহাইয়া কুমাৰৰ ভ্ৰমণৰ পিছত মন্দিৰ ধোৱাসকলৰ পৰিচয় পৰীক্ষা কৰিব লাগিব। আৰু যদি কংগ্ৰেছ নেতাৰ ভ্ৰমণৰ পিছত মন্দিৰটো ধুই পেলোৱা হৈছিল, তেন্তে ইয়াৰ দ্বাৰা কানহাইয়া কুমাৰৰ ব্ৰেণ্ডৰ ৰাজনীতিক প্ৰত্যাখ্যান কৰা বুলি বুজিব লাগিব।”

মন্দিৰটোৰ ওচৰতে বাস কৰা এগৰাকী বাসিন্দাই জানিবলৈ দিয়া মতে, মন্দিৰৰ ভিতৰত সাধাৰণতে সকলো জাতিৰ লোকক প্ৰৱেশৰ অনুমতি দিয়া হয়। এইটো একাংশ দুষ্কৃতিকাৰীৰ কাম হব পাৰে। কানহাইয়া কুমাৰ উচ্চ বৰ্ণৰ ভূমিহাৰ সম্প্ৰদায়ৰ লোক। গতিকে, মন্দিৰ কৰ্তৃপক্ষই তেওঁক অস্পৃশ্য জ্ঞান কৰাৰ প্ৰশ্নই নাহে।