NORTHEAST NOW (Assamese)
Popular Stories

চিন্তনীয়; ভাৰতত ক’ৰ’না আক্ৰান্তৰ সংখ্যাই ভংগ কৰিলে পূৰ্বৰ সকলো ৰেকৰ্ড

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 10, 2020 11:15 am

ভাৰতত দ্ৰুত গতিত বৃদ্ধি পাই আছে ক’ৰ’না ভাইৰাছৰ সংহাৰ। যোৱা কিছু দিনৰ পৰা দৈনিক ২০ হাজাৰৰো অধিক লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ খবৰে সকলোকে উদ্বিগ্ন কৰি তুলিছে।

বিগত ২৪ ঘণ্টাত ভাৰতত ২৬ হাজাৰ ৫০৬ গৰাকী লোক আক্ৰান্ত হৈছে। এইটো হৈছে এটা দিনত আক্ৰান্তৰ সৰ্বাধিক সংখ্যা।

আনহাতে কালিৰ দিনটোত ক’ৰ’নাৰ ফলত দেশত ৪৭৫ গৰাকী ৰোগীৰ মৃত্যু ঘটিছে।

আজি স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰা তথ্যই পুনৰ এইটোকে প্ৰমাণ কৰিছে যে ক’ৰ’নাৰ সংহাৰ ভাৰতত চৰম পৰ্যালয়ৈ গতি কৰিছে।

উল্লেখ্য যে দেশত এতিয়া ক’ৰ’না আক্ৰান্তৰ মুঠ সংখ্যা হৈছে ৭ লাখ ৯৩ হাজাৰ ৮০২। আনহাতে সৰ্বমুঠ ২১ হাজাৰ ৬০৪ গৰাকী ৰোগীৰ মৃত্যু হৈছে।

আনহাতে ৪ লাখ ৯৫ হাজাৰ ৫১৩ গৰাকী ৰোগী সুস্থ হৈ উঠাৰ বিপৰীতে ২ লাখ ৭৬ হাজাৰ ৬৮৫ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

ক’ৰ’না সংক্ৰমিতৰ সংখ্যাৰে ভাৰত বিশ্বৰ ভিতৰত তৃতীয় স্থানত আছে যদিও ভাৰতৰ বাবে এটাই ভাল খবৰ যে আক্ৰান্তৰ সংখ্যাতকৈ সুস্থ হৈ উঠাৰ সংখ্যা সৰ্বাধিক।