NORTHEAST NOW (Assamese)
অসম

কম খৰচত মজবুত কাম: পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ হৈছে ১লাখ কিলোমিটাৰ পথ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 10, 2020 11:37 am
plastic_road_1594353997

পথ নিৰ্মাণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পেলনীয়া প্লাষ্টিকৰ ব্যৱহাৰৰ প্রচেষ্টা সফল হৈছে। বিভিন্ন পথ নিৰ্মাণ সংস্থাই এতিয়ালৈকে ১লাখ কিলোমিটাৰতকৈয়ো অধিক পথ পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ কৰি কৰিছে।

এই নিৰ্মাণ অধিক কাৰ্যক্ষম, কম খৰচী আৰু মসৃন বুলি কোৱা হৈছে।

প্লাষ্টিকেৰে এনেদৰে পথ নিৰ্মাণৰ ফলত পৰিৱেশৰ ক্ষতি হোৱাৰ সম্ভাৱনা হ্ৰাস পাব। তদুপৰি, ইয়াক ভক্ষণ কৰি পশুৰ মৃত্যু হোৱা বন্ধ হ’ব আৰু পেলনীয়া বিক্ৰেতাসকলৰ অতিৰিক্ত আয় হ’ব।

পথ পৰিবহন তথা ঘাইপথ নিৰ্মাণ বিভাগৰ মন্ত্ৰী নিতীন গাডকাৰীয়ে ২০১৬ৰ জুলাইত পথ নিৰ্মাণৰ বাবে কঠিন তথা প্লাষ্টিক পেলনীয়া ব্যৱহাৰৰ কথা ঘোষণা কৰিছিল।

জানিব পৰা মতে, পাইলট প্ৰজেক্ট হিচাপে ১০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথত ১০শতাংশ প্লাষ্টিক পেলনীয়া ব্যৱহাৰ কৰা হৈছে।

দেশৰ ১১খন ৰাজ্যত এইদৰে ১ লাখ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে আৰু চলিত বিত্তীয় বৰ্ষত এই হাৰ দুগুণ বৃদ্ধি পাব।

অসমত এই বছৰ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত প্লাষ্টিক পেলনীয়াৰ ব্যৱহাৰ আৰম্ভ কৰা হৈছে।

জানিব পৰা মতে, চেন্নাই, পুনে, জামছেদপুৰ, ইন্দোৰ, লক্ষ্ণৌ আদি চহৰত পেলনীয়া প্লাষ্টিকেৰে পথ নিৰ্মাণ কৰা হৈছে।

পথ পৰিবহন মন্ত্ৰ্যালয়ে পাঁচ লাখতকৈ অধিক বসতিপূৰ্ণ চহৰসমূহত ৫০ কিলোমিটাৰৰ অন্তৰত পেলনীয়া প্লাষ্টিকৰ বাবে কালেকশ্যন চেন্টাৰ বনোৱাৰ পৰিকল্পনা কৰিছে।