NORTHEAST NOW (Assamese)
অসম

বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃবিভাগত ভৰ্তি হৈ থকা ৰোগীৰ আত্মহত্যা

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস October 12, 2020 6:57 pm

বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত আজি সংঘটিত হয় এক অঘটন ৷

চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ আন্তঃ বিভাগত ভৰ্তি হৈ থকা এজন ৰোগীয়ে দ্বিতীয় মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰে ৷

আত্মহত্যা কৰা ৰোগী জনৰ নাম প্ৰভাত চক্ৰৱৰ্তী ৷ বৰপেটা ৰোডৰ ২ নং ৱাৰ্ডৰ শান্তি নগৰ নিবাসী ২২ বছৰীয়া প্ৰভাত চক্ৰৱৰ্তীয়ে জীৱনৰ চৰম পথ বাছি লয়।

বৰপেটা ৰোডৰ এখন ফাৰ্মাচীৰ কৰ্মচাৰী আছিল প্ৰভাত চক্ৰৱৰ্তী।

জানিব পৰা মতে তিনিদিন পূৰ্বে হঠাৎ মানসিক অৱসাদ গ্ৰস্ততাত ভুগিছিল প্ৰভাত চক্ৰবৰ্তী। ইয়াৰ পিছতে তেওঁক শনিবাৰে বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ মানসিক ৰোগৰ আন্তঃ বিভাগত ভৰ্তি কৰোৱা হৈছিল।

চিকিৎসা চলি থকাৰ সময়তে আজি দ্বিতীয় মহলাৰ পৰা জপিয়াই দিয়াত মূৰ ফাটি প্ৰচুৰ ৰক্তক্ষৰণ হৈ মৃত্যু হয় যুৱকজনৰ।