NORTHEAST NOW (Assamese)
অসম

ক’ভিডত মৃত্যু হোৱা লোকৰ পৰিয়ালে ৩১ ডিচেম্বৰৰ পিছত নাপায় আৰ্থিক সাহায্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 22, 2020 9:33 am
Another doctor from Assam dies of COVID19

ক’ৰ’না ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ পৰিয়ালে অহা ৩১ ডিচেম্বৰৰ পিছৰ পৰা ত্ৰিপুৰা চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ সাহায্য লাভ নকৰে বুলি ঘোষণা কৰিছে।

ৰাজ্য চৰকাৰে অলপতে এক নিৰ্দেশনাৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে।

ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে ঘোষণা কৰি কৈছিল যে ক’ভিডত মৃত্যু হোৱা লোকৰ পৰিয়ালক মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজি আৰু এছ ডি আৰ এফৰ পৰা এককালীন অনুদান হিচাপে মুঠ ১০ লাখ টকা প্ৰদান কৰা হ’ব।

ইয়াৰে ৬ লাখ টকা মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আৰু ৪ লাখ টকা এছ ডি আৰ এফৰ পৰা প্ৰদান কৰা হয়।

নিৰ্দেশনাটোত আৰু কোৱা হৈছিল যে স্বাস্থ্য কৰ্মীসকলৰ বাহিৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলেও এই এককালীন অনুদানৰ সুবিধা লাভ নকৰে।

উল্লেখ্য যে, ত্ৰিপুৰাৰ কোনো লোক যদি ক’ৰ’নাত আক্ৰান্ত হৈ ৰাজ্যৰ বাহিৰত মৃত্যুবৰণ কৰে তেন্তে সেই লোকসকলৰ পৰিয়ালেও এই সুবিধা লাভৰ পৰা বঞ্চিত হ’ব।

ইয়াৰ উপৰি যদি অন্য ৰাজ্যৰ কোনো লোকৰ ত্ৰিপুৰাত মৃত্যু ঘটে তেন্তে সেই সকলৰ পৰিয়ালেও এই সুবিধা লাভ নকৰে বুলি নিৰ্দেশনাটোত স্পষ্টকৈ উল্লেখ কৰিছিল।