NORTHEAST NOW (Assamese)
অসম

টীয়কত নাই পূজাৰ উছাহ : প্ৰতীকী ৰূপত অনুষ্টুপীয়াকৈ আয়োজন কৰিব পূজা

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক October 22, 2020 10:04 am
durag-1596333982

কোভিড প্ৰট’কল ৰক্ষা কৰি চৰকাৰে দিয়া নীতি নিৰ্দেশনা অনুসৰি এইবাৰ অতি অনুষ্টুপীয়াকৈ কেৱল প্ৰতীকী ৰূপত টীয়কত উদযাপন হ’ব দুৰ্গা পূজা।

সেয়ে পূজা আয়োজন কৰা স্থানসমূহত নাই উচাহ। টীয়ক আৰক্ষী থানাৰ অধীনস্থ এলেকাৰ বিভিন্ন স্থানত উদযাপন কৰি অহা ২৬ খন পূজা সমিতিৰ আৰক্ষীৰে হোৱা বৈঠকত চৰকাৰী নীতি-নিয়ম কঠোৰভাৱে পালন কৰাৰ বাবে সহমতত উপনীত হয়।

ইপিনে পূজা কেইদিন পূজা মণ্ডপৰ আশে-পাশে গঢ় লৈ উঠা দোকান পোহাৰ বহুৱাৰ ক্ষেত্ৰতো বাধ্যবাধকতা আৰোপ কৰাত টীয়ক নগৰত পূৰ্বৰ দৰে পূজাৰ দহ-বাৰ দিন আগৰে পৰা অস্থায়ী ভাৱে দোকান স্থাপনৰ বাবে থকা ব্যস্ততাও পৰিলক্ষিত হোৱা নাই এই পৰ্যন্ত।

একেদৰে বিগত ৩০ টা বছৰে উলহ মালহেৰে টীয়কৰ ৰাধাকৃষ্ণ মন্দিৰ প্ৰাংগণত দুৰ্গা পূজা অনুষ্ঠিত কৰি অহা হৈছিল যদিও এইবাৰ কেৱল আধ্যাত্মিকতা ৰক্ষা কৰি চৰকাৰী নিৰ্দেশনা অৱলম্বন কৰিহে আয়োজন কৰা হৈছে পূজাভাগ।

উল্লেখযোগ্য যে এই পূজাভাগ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই দাঁতিতে অনুষ্ঠিত হোৱাৰ হেতুকে ইয়াৰ চৌপাশে সৰু বৰ বহুতো ব্যৱসায়ী প্ৰতিষ্ঠান গঢ় লৈ উঠে আৰু ভক্তৰ সমাগমো যথেষ্ট হয়।