NORTHEAST NOW (Assamese)
অসম

ভাৰতত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৭৭ লাখ অতিক্ৰম, ২৪ ঘণ্টাত ৫৫,৮৩৯ গৰাকী আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 22, 2020 10:49 am
483a53ff2834a2b597d720d548a82b0a03c1f5ffc180c5419e994085f9afe9e6

ভাৰতত ক’ভিড আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৭৭ লাখৰ ঘৰ। অৱশ্যে ইয়াৰে ৬৮ লাখ ৭৪ হাজাৰ লোক সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে।

বৰ্তমান দেশত সক্ৰিয় ৰোগীৰ সংখ্যা হ্ৰাস পাই ৭ লাখ ১৫ হাজাৰ হোৱাৰ বিপৰীতে ১ লাখ ১৬ হাজাৰ ৬১৬ গৰাকীয়ে প্ৰাণ হেৰুৱাইছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি যোৱা ২৪ ঘণ্টাত ৫৫,৮৩৯ গৰাকী লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈছে আৰু মৃত্যু ঘটিছে ৭০২ গৰাকীৰ।

আনহাতে বিগত ২৪ ঘণ্টাত মুঠ ৭৯,৪১৫ গৰাকী সম্পূৰ্ণৰূপে সুস্থ হৈ গৰলৈ উভতিছে।

উল্লেখ্য যে বৰ্তমান আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যাৰ দিশেৰে আমেৰিকাৰ পিছতেই দ্বিতীয় স্থানত আছে ভাৰত।

ইফালে আই চি এম আৰে জনোৱা অনুসৰি ২১ অক্টোবৰলৈকে ভাৰতত সৰ্বমুঠ ৯ কোটি ৮৬ লাখ লোকৰ ক’ৰ’না টেষ্ট কৰা হৈছে।

ইয়াৰে বুধাবৰৰ দিনটোত ১৪.৬৯ লাখ লোকৰ টেষ্ট কৰা হৈছে। পজিটিভৰ হাৰ হৈছে প্ৰায় ৫ শতাংশ।

ইফালে দেশৰ ভিতৰত সৰ্বাধিক সক্ৰিয় ৰোগীৰ সংখ্যা মহাৰাষ্ট্ৰত আৰু দ্বিতীয় স্থানত আছেও কৰ্ণাটক। দুয়োখন ৰাজ্যত এতিয়াও ৫০ হাজাৰৰো অধিক লোক চিকিৎসাধীন হৈ আছে।