NORTHEAST NOW (Assamese)
অসম

Kidney stone treatment আপুনিও কিডনী ষ্ট’নৰ সমস্যাত ভুগিছে নেকি? জানো আহক কিডনী ষ্ট’নৰ পৰা নিৰাময় হোৱাৰ চিকিৎসা

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী July 26, 2022 3:41 pm

বৰ্তমান সময়ত কিডনীৰ বিভিন্ন ৰোগত মানুহ আক্ৰান্ত হোৱা দেখা গৈছে। কিডনীৰ ষ্ট’ন বা পাথৰ কিছুমান কেমিকেলৰ পৰা উৎপন্ন হয় যিবিলাক প্ৰস্ৰাৱ,ইউৰিক এচিড, ফছফৰাছ, কেলচিয়াম আৰু অকজালিক এচিড বুলি জনা যায়।

প্ৰায়বিলাক কিডনী ষ্ট’ন গঠন হয় কেলচিয়াম অকজালিক নাইবা ফছফেটৰ দ্বাৰা । শতকৰা ৯০ শতাংশ কিডনী ষ্ট’ন কেলচিয়ামৰ পৰাই হয়। কিডনী ষ্ট’ন হয় কেলচিয়াম এমনিয়াম আৰু মেগনেচিয়াম ফছফেট আৰু কাৰ্বনেটছৰ সংমিশ্ৰণত।

কিডনী ষ্ট’ন হোৱাৰ কাৰণ আৰু লক্ষণ সমূহ জানেনে?

কিডনী ষ্ট’ন অসুখত প্ৰস্ৰাৱ কৰাত ভীষণ অসুবিধাৰ সৃষ্টি হয়। প্ৰস্ৰাৱ ভালকৈ নোহোৱা, প্ৰস্ৰাৱ কৰোঁতে ব্লাডাৰত বিষ হোৱা, তলপেটত অত্যন্ত বিষ অনুভৱ কৰা আদি। বিষ ক্ৰমে কৰঙনৰ ফালে ধাৱিত হয়, ঘাম বাহিৰ হয়, বমি বমি ভাব হোৱা, জ্বৰ উঠা আৰু প্ৰস্ৰাৱত তেজ যাব পাৰে।

বৰ্তমান যুগত জীৱন ধাৰণৰ পদ্ধতিৰ পৰিৱৰ্তন ঘটা, এচিড উৎপন্ন হোৱা আহাৰ খোৱা, জাংফুড, ফাষ্টফুড খোৱা, মচলাযুক্ত আহাৰ খোৱা, পানী কমকৈ খোৱা, চেনি, মিঠাই, মাছ, মাংস বেছিকৈ খোৱা, চাহ-কফি সঘনাই খোৱা, ভিটামিন ‘এ’ ৰ অভাৱ থকা খাদ্য খোৱা ইত্যাদি।

কিডনী ষ্ট’নৰ পৰা নিৰাময় হোৱাৰ চিকিৎসা:-

ৰাজমাহৰ (Kidney Beans) প্ৰয়োগ:- কিডনী বীনক ফ্ৰেন্সবীন নামেৰেও জনাজাত । কিডনী ষ্ট’নৰ ঘৰুৱা চিকিৎসাত ইয়াৰ প্ৰয়োজনীয়তা আৰু উপকাৰিতা বহুত বেছি । জাৰ্মান দেশৰ চিকিৎসক ডা: ৰামনে প্ৰথমেই এই কিডনী বীনৰ উপকাৰিতাৰ বিষয়ে আৱিষ্কাৰ কৰে আৰু ইয়াৰ উপযুক্ত প্ৰয়োগেৰে কিডনী ষ্ট’নৰ চিকিৎসা কৰি ফলৱতী হয়।

তেওঁ প্ৰায় ২৫ বছৰ ধৰি এই অসুখৰ চিকিৎসা কৰিছিল আৰু কিডনী ষ্ট’নত ভোগা মানুহৰ উপকাৰ সাধন কৰিছিল ।

পদ্ধতি –
ৰাজমাহৰ ওপৰৰ বাকলি গুচাই টুকুৰা-টুকুৰ কৰি ইয়াৰ প্ৰায় ৬০ গ্ৰাম পৰিমাণে লৈ ৪ লিটাৰ গৰম পানীত উতলাব (৩ ঘণ্টা ধৰি) লাগে । তাৰ পিছত সেই পানীখিনি পৰিষ্কাৰ বগা কাপোৰেৰে চেকি ল’ব লাগে।

পানীখিনি ৩ ঘণ্টা ধৰি চেঁচা হ’বলৈ থৈ দিব লাগে। ডা: ৰামনৰ মতে এই মিশ্ৰণখিনি ২ ঘণ্টাৰ মূৰে মূৰে দিনটোৰ ভিতৰত খাই শেষ কৰিবলৈ ৰোগীক দিব লাগে।

তাৰ পাছত এনেদৰে প্ৰস্তুত কৰি প্ৰায় ২ সপ্তাহ ধৰি দিনটোৰ ভিতৰত কেইবাবাৰো খাব লাগে । এই ব্যৱস্থাৰে প্ৰয়োগ কৰিলে কিডনী ষ্ট’ন ভাঙি প্ৰস্ৰাৱৰ লগত সম্পূৰ্ণ ওলাই যাব আৰু বেমাৰটোৰ পৰাও পৰিত্ৰাণ ৰোগীয়ে পাব।

তুলসী- কিডনী ষ্ট’ন নাশ কৰাত অতি ভাল কাম কৰে। এইক্ষেত্ৰত তুলসীৰ ৰস ১ চামুচ, মৌ ১ চামুচ লৈ দিনে ১ বাৰকৈ অন্তত: ১ মাহ ব্যৱহাৰ কৰিলে কিডনী ষ্ট’ন প্ৰস্ৰাৱৰ লগত ওলাই যাব, ৰোগীয়েও সকাহ পাব।

যনিৰ ব্যৱহাৰ :- কিডনী ষ্ট’ন আৰু গ’ল ব্লাডাৰত ভোগা ৰোগীৰ বাবে যনি বৰ সুন্দৰ আহাৰ। যনি সঘনাই খাই থাকিলে ষ্ট’ন হোৱাৰ পৰা আঁতৰি থাকিব পাৰি । যনি গুটি পিহি চালাড কৰি খাব লাগে। তদুপৰি যনি ভাজি খালেও উপকাৰ হয়।

আপেল- কিডনী ষ্ট’ন নাশ কৰাত আপেলৰ ব্যৱহাৰ অতি প্ৰয়োজনীয় আৰু উপকাৰী । এইক্ষেত্ৰত পকা আপেলৰ গুণ বেছি। বহুমুত্ৰ ৰোগীয়েও আপেল ব্যৱহাৰ কৰিব পাৰে । আপেল খালে কিডনী ষ্ট’ন ভাঙি প্ৰস্ৰাৱত বাহিৰ হয় ।

আঙুৰৰ প্ৰয়োগ –
আঙুৰত বহু পৰিমাণে পানী আৰু পটাচিয়াম থাকে । ইয়াত সামান্য এলবুমিন আৰু ছডিয়াম ক্লৰাইড থকা বাবে কিডনী ষ্টন’ত ভোগাসকলৰ বাবে নিয়মিত আঙুৰ খালে কিডনী ষ্ট’ন নাশ হয় ।

ডালিম বা বেদানা- মিঠা বা টেঙা হ’লে দুয়োবিধ ডালিমৰ ৰস কিডনী ষ্ট’ন ৰোগৰ মহৌষধস্বৰুপ । ১ চামুচ ডালিমৰ ৰসৰ লগত কুলথি ১ চামুচ মিহলাই পেষ্ট কৰি বা চুপ কৰি ৰোগীক দিনে এবাৰকৈ ৭-৮ দিন খাবলৈ দিলে কিডনী ষ্ট’ন প্ৰস্ৰাৱত ওলাই যায় ।

তৰমুজৰ ৰস – এই ৰসত যথেষ্ট পৰিমাণে পটাচিয়াম আৰু নিমখ থাকে বাবে ইয়াৰ নিয়মিত ব্যৱহাৰে কিডনী ষ্ট’ন নাশ কৰিব পাৰে । তদুপৰি ভিটামিন ‘বি’ কমপ্লেক্স ১০০ মিলিগ্ৰামকৈ দৈনিক এবাৰকৈ ১০-১৫ দিন ব্যৱহাৰ কৰিলে কিডনী ষ্ট’ন নাশ হয়।

খাদ্যৰ ক্ষেত্ৰত কিডনী ষ্ট’ন ৰোগত আক্ৰান্ত লোকে কিছু সাৱধানতা অৱলম্বন কৰা উচিত। বিশেষকৈ মচলা,জলা-টেঙা,মাংস, ঘিউ, মাখনজাতীয় খাদ্য কমকৈ খাব লাগে।শাক-পাচলিৰ ভিতৰত তিয়ঁহ, মূলা, বন্ধাকবি, ফুলকবি , টেঙেচি শাক, লাও, কোমোৰা, বেঙেনা খাব পাৰে।কেলচিয়াম ফছফেট ষ্ট’নত ভোগাসকলে কেলচিয়াম আৰু ফচফেট প্ৰসিদ্ধ খাদ্য পৰিহাৰ কৰা উচিত।
বেছিকৈ আটা, ময়দা, দেশীয় বুট, মটৰ, ছ’য়াবীন , পালেং শাক, বাদাম, নাৰিকল আদি কমাই খাব লাগে।