NORTHEAST NOW (Assamese)
অসম

Aadhaar Update: বাতিল কৰা হৈছে লাখ লাখ আধাৰ নম্বৰ! আপোনাৰটো সুৰক্ষিত আছেনে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 26, 2022 3:06 pm

UIDAI cancels 6 lakh fake Aadhaar কেন্দ্ৰীয় চৰকাৰে জানিবলৈ দিছে যে ইউনিক আইডেন্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া (ইউ আই ডি এ আই)ই প্ৰায় ছয় লাখ আধাৰ নম্বৰ বাতিল কৰিছে। UIDAI-ৰ মতে, এই আধাৰ নম্বৰবোৰ প্ৰকৃততে ভুৱা বা নকল আৰু এই আধাৰ কাৰ্ডবোৰ বেছিভাগ অপৰাধমূলক কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰা হৈছিল। সেয়ে চৰকাৰৰ সন্মতি লৈ এই সিদ্ধান্ত লোৱা হৈছে।

চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে আধাৰ কাৰ্ড সম্পৰ্কীয় জালিয়াতি প্ৰতিৰোধ কৰিবলৈ অধিক কঠোৰ পদক্ষেপ লোৱা হৈছে। ডেম’গ্ৰাফিক মেটচিং প্ৰক্ৰিয়া শক্তিশালী কৰা হৈছে, যদি নতুন নাম এটা তালিকাভুক্ত কৰা হয় তেন্তে বায়োমেট্ৰিক মিলাটোও এতিয়া বাধ্যতামূলক। এইবাৰ ফটোও বাধ্যতামূলক কৰা হৈছে।

আপোনাৰ আধাৰ কাৰ্ড সুৰক্ষিত নে কেনেকৈ জানিব?

ক) আপুনি ইউআইডিএআইৰ অফিচিয়েল ৱেবছাইট (https://resident.uidai.gov.in/offlineaadhaar)লৈ যাব লাগিব।

খ) ইয়াৰ পিছত ‘আধাৰ ভেৰিফাই’ বিকল্পটো বাছনি কৰক।

গ) এইবাৰ আপোনাৰ ১২ সংখ্যাৰ আধাৰ নম্বৰ বা ‘ভাৰ্চুৱেল আইডি’ দিয়ক।

ঘ) নম্বৰটো টাইপ কৰাৰ পিছত স্ক্ৰীণত প্ৰদৰ্শিত সুৰক্ষা কোড দিয়ক আৰু এটা ওৱান টাইম পাছৱৰ্ড বা অ’টিপিৰ বাবে অনুৰোধ কৰক।

ঙ) অ’টিপি আপোনাৰ পঞ্জীভুক্ত ম’বাইল নম্বৰলৈ আহিব। সেই অ’টিপিটো ৱেবছাইটত লিখক।

ইয়াৰ পিছত ৱেবছাইটত এটা নতুন পেজ খোল খাব য’ত আপোনাৰ আধাৰ নম্বৰ শুদ্ধ নে নহয় লিখা থাকিব।