NORTHEAST NOW (Assamese)
অসম

অমিত শ্বাহৰ বিৰুদ্ধে দেশৰ উচ্চতম ন্যায়ালয়লৈ প্ৰফুল্ল কুমাৰ মহন্ত

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 26, 2019 5:37 pm
Former Assam CM Prafulla Mahanta to move SCI against BJP national president Amit Shah

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিৰুদ্ধে দেশৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।

বিতৰ্কিত নাগৰিকত্ব বিধেয়কৰ সৈতে সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰীক্ষণত চলিত এন আৰ চিক সাঙুৰি বিজেপিৰ শীৰ্ষ নেতাজনে দেশজুৰি চলাই থকা প্ৰচাৰক প্ৰত্যাহ্বান জনাই গোচৰ তৰাৰ সিদ্ধান্ত লৈছে মহন্ত নেতৃত্বাধীন অসম আন্দোলন সংগ্ৰামী মঞ্চই।

“অমিত শ্বাহে এন আৰ চি প্ৰক্ৰিয়া চলি থকাৰ মাজতে বিজেপি চৰকাৰ শাসনলৈ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি পশ্চিমবংগত ঘোষণা কৰিছে। আমি অহা ১০ দিনৰ ভিতৰত গোচৰ দিম,” গুৱাহাটীত শুকুৰবাৰে এক সংবাদমেলত মন্তব্য মহন্তৰ।

এই সন্দৰ্ভত ইতিমধ্যে অধিবক্তাৰ সৈতে আলোচনা চলা বুলিও সদৰী কৰিছে বিজেপি মিত্ৰ অগপৰ প্ৰতিষ্ঠাপক সভাপতিজনৰ লগতে মঞ্চৰ নেতৃত্বই।

গোচৰটো আদালত অৱমাননাজনিত হ’ব বুলি জনায় মঞ্চৰ এজন সমন্বয়ক মনজিত মহন্তই। “আদালত অৱমাননা কৰিছে অমিত শ্বাহে। সেয়েহে আদালত অৱমাননাৰ গোচৰ তৰা হ’ব।”

নাগৰিকত্ব বিধেয়ক গৃহীত কৰাৰ পিছতহে এন আৰ চি চূড়ান্ত হ’ব বুলি যোৱা ২২ এপ্ৰিলত পশ্চিমবংগত বিজেপিৰ এক নিৰ্বাচনী সভাত শ্বাহে কৰা মন্তব্যই উত্তৰ-পূববাসীক “চৰম প্ৰতাৰণা” কৰাৰ লগতে উচ্চতম ন্যায়ালয়কো “নস্যাৎ” কৰিছে, মত মঞ্চৰ।

“দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত এন আৰ চিৰ কাম চলাই থকা হৈছে আৰু জনসাধাৰণে ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা পোষণ কৰি এই প্ৰক্ৰিয়াটোৰ সৈতে পূৰ্ণ সহযোগিতা আগবঢ়াই আহিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনৰ এনে চৰম দম্ভালিসূচক ৰাজহুৱা মন্তব্যই দেশৰ উচ্চতম ন্যায়ালয়ৰ নীতি-নিৰ্দেশনাকো নস্যাৎ কৰি দেশত একধৰণৰ একনায়কত্ববাদী শাসনৰ ইংগিত বহন কৰিছে। ইয়াৰদ্বাৰা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে নিজকে দেশৰ উচ্চতম ন্যায়ালয়ৰো শীৰ্ষত বুলি প্ৰত্যক্ষভাৱেই ৰাজহুৱাকৈ জাহিৰ কৰিছে,” মঞ্চৰ বিবৃতি।

লগতে পঢ়ক– যোৱা তিনি চাৰি বছৰত উচ্চতম ন্যায়ালয়ক যি ব্যৱহাৰ কৰা হৈছে, ই মৰি থাকিব

বিজেপি আৰু সহযোগীসকলক “উত্তৰ-পূবৰ চৰম শত্ৰু” আৰু “সংবিধান আৰু গণতন্ত্ৰৰ চৰম ভাবুকি” বুলি মত প্ৰকাশ কৰি মঞ্চই বিধেয়কবিৰোধী শক্তিক একগোট হ’বলৈ আহ্বান জনাইছে।

“এই বিলখনে অসম চুক্তি সম্পূৰ্ণৰূপে নস্যাৎ কৰিব। কেববিৰোধী শক্তি ঐক্যবদ্ধ হ’ব লাগে। আছুৱে এটা ইনিচিয়ে’টিভ ল’ব লাগে বুলি আগতে কৈছিলো। জাতীয় সংগঠনসমূহ একত্ৰিত হ’ব লাগে,” প্ৰফুল্ল মহন্তৰ মত।