NORTHEAST NOW (Assamese)
Popular Stories

আজি নিশা সকলোৱে একত্ৰিত হৈ বিশ্ববাসীক দেখুৱাই দিয়ক ভাৰতৰ শক্তি : কোহলি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 5, 2020 2:40 pm
Virat-Kohli-

ক‍’ৰ’না ভাইৰাছৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ দেশবাশীক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানক সহাঁৰি জনাইছে ভাৰতীয় ক্ৰীড়া জগতৰ তাৰকাসকলে।

আজি প্ৰধান মন্ত্ৰীয়ে নিশা ৯ বজাত ৯ মিনিটৰ বাবে নিজৰ নিজৰ ঘৰৰ লাইট বন্ধ কৰি চাকি, মমবাতি তথা মোবাইলৰ ফ্লাচ জ্বলাবলৈ দেশবাসীক আহ্বান জনাইছে।

প্ৰধান মন্ত্ৰীৰ এই আহ্বানক সহাঁৰি জনাই ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি, ৰোহিত শৰ্মা আৰু হাৰ্দিক পাণ্ডিয়াৰ দৰে ক্ৰিকেটাৰে দেশবাসীক একত্ৰিত হবলৈ আহ্বান জনাইছে।

কোহলিয়ে প্ৰধান মন্ত্ৰীয়ে কোৱাৰ দৰে আজি নিশা ঠিক ৯ বজাত ৯ মিনিটৰ বাবে তেওঁৰ অনুৰাগী সকলক চাকি জ্বলাবলৈ আহ্বান জনাই টুইট কৰে।

বিৰাট কোহলিয়ে টুইটত লিখে, ‍‘‍ষ্টেডিয়ামৰ শক্তি অনুৰাগী আৰু ভাৰতৰ শক্তি দেশবাসী, আজি নিশা ৯ বজাত ৯ মিনিটৰ বাবে। বলক বিশ্ববাসীক দেখুৱাই দিও যে আমি সকলো একত্ৰিত। আমাৰ স্বাস্থ্যকৰ্মী সকলক দেখুৱাই দিও যে আমি তেওঁলোকৰ লগত আছো‍‍’।

কোহলিৰ পূৰ্বে ভাৰতীয় দলৰ উপ অধিনায়ক ৰোহিত শৰ্মাই টুইটত কয়, ‍‘এই সময়ত একত্ৰিত হ’বলৈ সকলোকে আহ্বান জনাইছো আৰু নিশা ৯ বজাত ৯ মিনিটৰ বাবে দিয়া জ্বলাই কৰ‍‘না ভাইৰাছৰ বিৰুদ্ধে যুঁজা এই যুঁজত নিজৰ অৰিহনা যোগাওক‍’।

উল্লেখ্য যে ভাৰতত ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে ক‍‘ৰ‍‘না আক্ৰান্তৰ সংখ্যা আৰু সেয়ে ইয়াৰ বিৰুদ্ধে এতিয়া সকলো একত্ৰিত হোৱাটো অতিকৈ প্ৰয়োজনীয়।

প্ৰধান মন্ত্ৰী মোদীয়ে যোৱা ৩ এপ্ৰিলত ভাৰতবৰ্ষৰ সকলো নাগৰিকক তথা পৰিয়ালক আজি নিশা ৯ বজাত ৯ মিনিটৰ বাবে ঘৰৰ লাইট বন্ধ কৰি ঘৰৰ চৌহদত অথবা বেলকনিত মমবাতি, চাকি, টৰ্চ লাইট অথবা মোবাইলৰ ফ্লাচ জ্বলাবলৈ আহ্বান জনায়।

দেশৰ ১৩০ কোটি ভাৰতীয়ই এনেদৰে মমবাতি, চাকি অথবা টৰ্চ লাইট জ্বলাই ক’ৰ’নাক পৰাস্ত কৰি একেলগে আগবাঢ়ি যোৱাৰ বাবে সংকল্পবদ্ধ হ’বৰ বাবেও আহ্বান জনাইছিল প্ৰধান মন্ত্ৰী গৰাকীয়ে।