NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ হকী ইণ্ডিয়াই প্ৰদান কৰিলে ১ কোটি টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 5, 2020 8:05 pm
manpreet-singh-india-hockey-1200

মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ হকী ইণ্ডিয়াই শনিবাৰে প্ৰধান মন্ত্ৰীৰ কেয়াৰছ ফাণ্ডলৈ আৰু ৭৫ লাখ টকা প্ৰদান কৰে।

ইয়াৰ পূৰ্বে হকী ইণ্ডিয়াৰ কাৰ্যকৰী ব‍‘ৰ্ডে ২৫ লাখ টকা প্ৰদান কৰিছিল। এইদৰে হকী ইণ্ডিয়াই সৰ্বমুঠ ১ কোটি টকা সহায়ৰ বাবে আগবঢ়ালে।

হকী ইণ্ডিয়াৰ অধ্যক্ষ মহম্মদ মুস্তাক আহমেদে কয়, ‍‘বৰ্তমানৰ এই সংকটৰ মুহূৰ্তত আমি চৰকাৰৰ সৈতে ঠিয় হোৱা প্ৰয়োজন। কোভিদ-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰে যিমান কৰিব পাৰে সেয়া সকলো কৰিছে‍’।

তেওঁ লগতে কয়, ‍‘দেশৰ লোকে সদাই হকীক ভাল পাই আহিছে আৰু সমৰ্থন জনাই আহিছে আৰু দেশবাসীক এই মহামাৰীৰ বিৰুদ্ধে বিজয়ী হিচাপে দেখিবলৈ আমাৰ ফালৰ পৰা যি সম্ভৱ সেয়া কৰিব বিচাৰো‍’।

হকী ইণ্ডিয়াৰ মহাসচিব ৰাজিন্দৰ সিঙে ককয় যে হকী ইণ্ডিয়াই সদায় ভাল কামত আগবাঢ়ি আহিছে আৰু কোভিদ-১৯ত সমগ্ৰ বিশ্ব আক্ৰান্ত হৈছে সেয়ে সংকটৰ সময়ত আমি ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ সমৰ্থন আগঢ়াব বিচাৰিছো।

ইফালে হকী ইণ্ডিয়াৰ চি ই অ‍’ এৰ্লেনা নোৰ্মেনে কয়, ‍‘ৰাষ্ট্ৰৰ দ্বাৰা হকী ইণ্ডিয়া গঠন হৈছিল আৰু সংকটৰ এই সময়ত দেশৰ বাবে আমি কিবা এটা কৰিব বিচাৰিছো। আমি আশা কৰিছো আমাৰ এক কোটিৰ আৰ্থিক অনুদানে প্ৰয়োজনীয় লোকসকলক সহায় কৰিব‍’।