NORTHEAST NOW (Assamese)
অসম

“ডাঙৰকৈ কথা পতা” পাঁচজনক গুলীয়াই হত্যা ৰাছিয়াত!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 5, 2020 8:52 pm
Five shot dead in Russia for ‘talking loud'

ৰাছিয়াৰ এজন ব্যক্তিয়ে তেওঁৰ ঘৰৰ বাহিৰত ডাঙৰকৈ কথা পতাৰ বাবে শনিবাৰে পাঁচজন লোকক গুলীয়াই হত্যা কৰিছে।

ঘটনাৰ স্থান মস্কোৰ পৰা ২০০ কি.মি. দূৰৰ য়েলাত্মা নামৰ এখন গাওঁ।

বৰ্তমান কৰ’নাভাইৰাছৰ কাৰণে অঞ্চলটোত লকডাউনৰ কবলত আছে।

নিহত ব্যক্তিকেইজনে হত্যাকাৰী লোকজনৰ ঘৰৰ বাহিৰত সন্ধিয়া ডাঙৰকৈ কথা পাতি আছিল।

তদন্তকাৰী গোটৰ মতে হত্যাকাৰীজনে প্ৰথমে লোককেইগৰাকীক তেওঁৰ ঘৰৰ বেলকনিৰ পৰা সকীয়নি প্ৰদান কৰিছিল।

তাৰ পিছতে তেওঁ বন্দুক উলিয়াই তেওঁলোকক গুলীয়াই দিয়ে।

গুলীচালনাত তাত উপস্থিত থকা এগৰাকী মহিলা আৰু চাৰিজন পুৰুষ আটাইৰে ঠাইতে মৃত্যু হয়।

কৰ্তৃপক্ষই ইতিমধ্যে লোকজনক গ্ৰেপ্তাৰ কৰিছে আৰু বন্দুকটো জব্দ কৰিছে।