NORTHEAST NOW (Assamese)
Popular Stories

ল’কডাউনৰ মাজতে ধুবুৰীত বৰফৰ ফেক্টৰীত বিস্ফোৰণ; আহত তিনিজন শ্ৰমিক

Posted by: মুকেশ কুমাৰ সিং Updated by: মুকেশ কুমাৰ সিং April 6, 2020 8:09 am

ল’কডাউন চলি থকাৰ মাজতে দেওবাৰে ধুবুৰী নগৰৰ এটা বৰফৰ ফেক্টৰীত বিস্ফোৰণ ঘটাত তিনিজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়। বিউটী আইচ-ক্ৰীম ফেক্টৰী নামৰ ফেক্টৰীটো নগৰখনৰ এ এম কো পথত অৱস্থিত।

বিস্ফোৰণটো ইমান প্ৰবল আছিল যে ফেক্টৰীটোৰ এয়াৰ টেংকটো প্ৰায় ৫০০ মিটাৰ দূৰত ছিটিকি পৰাৰ লগতে ফেক্টৰীটোৰ টিনৰ চালিখন সম্পূৰ্ণ ধ্বংস হয়।

দুৰ্ঘটনাটোৰ ফলত আহত লোককেইজনক পৰিমল দাস (৩৫), ছাদ্দাম শেইখ (১৯) আৰু ৰুহুল আমিন শেইখ (২৬) বুলি চিনাক্ত কৰা হৈছে।

তিনিওজনকে ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰিমল দাস আৰু ছাদ্দাম শেইখৰ আঘাত অধিক গুৰুতৰ হোৱাত তেওঁলোকক চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে বজাৰ টাউন আৰক্ষী চকীৰ পৰা মাত্ৰ ১০০ মিটাৰ আঁতৰত আৰু সম্পূৰ্ণ আৱাসিক এলেকাত থকা উক্ত ফেক্টৰীটোৰ গৰাকী হৈছে ৰেহেনা বেগম নাম এগৰাকী মহিলা।

পিছত ধুবুৰীৰ চক্ৰ বিষয়া জয় শংকৰ শৰ্মা ঘটনাস্থলীত উপস্থিত হৈ বজাৰ টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এইচ আলী আৰু স্থানীয় লোকৰ উপস্থিতিত ফেক্টৰীটো চীল কৰি দিয়ে।

চক্ৰ বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে ল’কডাউনৰ সময়ত নিয়ম ভংগ কৰি ফেক্টৰীটোত মেচিন মেৰামতিৰ কাম চলাই থকাৰ অপৰাধত জিলা প্ৰশাসনে স্বতাধিকাৰী গৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰি আইনী ব্যৱস্থা হাতত লৈছে।