কৰ’না ভাইৰাছত আক্ৰান্ত ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছনক হাস্পাতলত ভৰ্তি

কৰ’না ভাইৰাছৰ সংক্ৰমণ গোটেই বিশ্বতে আতংকৰ সৃষ্টি কৰিছে। বিশ্বত এতিয়ালৈকে প্ৰায় ১৩ লাখ লোক কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।
ইয়াৰ মাজতে কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছক হাস্পাতলত ভৰ্তি কৰা হৈছে।
দেশখনৰ প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে যে দেওবাৰে শেহ নিশা বৰিছ জনছনক হাস্পাতলত ভৰ্তি কৰা হয়।
ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ে জানিব দিয়ে যে জনছনৰ শৰীৰত কৰ’না ভাইৰাছৰ লক্ষণ এতিয়াও দেখা গৈছে। সেয়েহে, পৰীক্ষাৰ বাবে প্ৰধান মন্ত্ৰী জনছনক হাস্পাতলত ভৰ্তি কৰা হৈছে।
কাৰ্যালয়ে লগতে জনাইছে যে চিকিৎসকৰ পৰামৰ্শৰ পাছতে জনছনক হাস্পাতললৈ নিয়া হয়। অৱশ্যে প্ৰধান মন্ত্ৰীৰ স্বাস্থ্যৰ অৱনতি ঘটা নাই বুলিও কোৱা হৈছে।
উল্লেখযোগ্য যে ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছন কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাটো যোৱা ২৭ মাৰ্চত পোহৰলৈ আহিছিল। প্ৰধান মন্ত্ৰী গৰাকীৰ শৰীৰত কৰ’না ভাইৰাছ পজিটিভ পোৱা গৈছিল।
দেহত কৰ’না ভাইৰাছ পজিটিভ পোৱাৰ পাছত প্ৰধান মন্ত্ৰীগৰাকীয়ে নিজকে আইছ’লেশ্যন কৰি লৈছিল।
ইয়াৰ পূৰ্বে ব্ৰিটেইনৰ ৰাজকুমাৰ প্ৰিন্স চাৰ্লছ কৰ’নাৰ দ্বাৰা আক্ৰান্ত হৈছিল। তেওঁৰো শৰীৰত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল। কিন্তু তেওঁ সুস্থ হৈ উঠিছে আৰু বৰ্তমান স্বাস্থ্য ঠিকেই আছে।