NORTHEAST NOW (Assamese)
অসম

আই এছ এলত তৃতীয়খন খেলত পৰাজয়ৰ সন্মুখিন নৰ্থ-ইষ্ট য়ুনাইটেড

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 9, 2021 6:09 pm
আই এছ এলত তৃতীয়খন খেলত পৰাজয়ৰ সন্মুখিন নৰ্থ-ইষ্ট য়ুনাইটেড

চলিত ইণ্ডিয়ান চুপাৰ লীগ ফুটবল প্ৰতিযোগিতাত তৃতীয় পৰাজয়ৰ সন্মুখিন হৈছে নৰ্থ-ইষ্ট য়ুনাইটেড।

তিলক ময়দানত শুকুৰবাৰে নিশা অনুষ্ঠিত হোৱা হোৱা এখন খেলত হায়দৰাবাদ এফ চিয়ে নৰ্থ-ইষ্ট য়ুনাইটেডক ৪-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।

খেলখনৰ প্ৰথমাৰ্ধতে হায়দৰাবাদ এফ চিয়ে ৩ আৰু ৩৬ মিনিটত গ’ল দি ২-০ৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ’য় যদিও ৪৫ মিনিটত নৰ্থ-ইষ্ট য়ুনাইটেডৰ ফেডৰিকো গালাগোৱে পেনাল্টীৰ সহায়ত গ’ল স্কোৰ কৰি ব্যৱধান ২-১লৈ হ্ৰাস কৰে।

আনহাতে, প্ৰথমাৰ্দ্ধৰ ইনজুৰী টাইমত নৰ্থ-ইষ্ট বেঞ্জামিন লাম্বাটে গ’ল স্কোৰ কৰি ব্যৱধান ২-২ লৈ লৈ যায়।

আনহাতে, খেলৰ দ্বিতীয়াৰ্দ্ধত হায়দৰাবাদ এফ চিৰ হৈ লিষ্টন কলাচোৱে ৮৫ আৰু ৯০ মিনিটত দুটা গ’ল দি খেলখনত হায়দৰাবাদ এফ চিৰ বিজয় সুনিশ্চিত কৰে।

হায়দৰাবাদ এফ চিৰ হৈ আন গ’ল দুটা দিয়ে ক্ৰমে আৰিডেন ছাণ্টানা আৰু জুৱেল চিয়ানীজে।