NORTHEAST NOW (Assamese)
অসম

বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননী : পাঁচদিনলৈ ৰাজ্যত নেৰানেপেৰা বৰষুণ; ধেমাজি, যোৰহাটত জলমগ্ন বহুকেইখন গাওঁ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 10, 2019 7:38 am
Rain Fall

মঙলবাৰৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত আৰম্ভ হোৱা প্ৰৱল বৃষ্টিপাত আগন্তুক পাঁচদিনলৈ ৰাজ্যখনত অব্যাহত থকাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা সতৰ্কতাত প্ৰকাশ পাইছে।

ঝাৰখণ্ডত থকা বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ বিভিন্ন জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি জাৰি কৰিছে হালধীয়া, কমলা আৰু ৰঙাৰঙী সতৰ্কতা।

অসমৰ কোকৰাঝাৰ আৰু চিৰাং জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই ১০ জুলাইত ৰঙাৰঙী সতৰ্কতা জাৰি কৰিছে। উক্ত দিনত জিলাদুখনত প্ৰৱল বৰষুণ হ’ব বুলি বতৰ বিজ্ঞান ৰিপোৰ্টত প্ৰকাশ পাইছে।

আনহাতে,বাক্সা জিলাত কমলাৰঙী সতৰ্কতা আৰু ধুবুৰী, বঙাইগাঁও, নলবাৰী, বৰপেটা, ধেমাজি, বিশ্বনাথ, তিনিচুকীয়া, চৰাইদেউ আদিকে ধৰি আন কেইবাখনো জিলাত হালধীয়া ৰঙী সতৰ্কতা জাৰি কৰা হৈছে।

উল্লেখযোগ্য যে, মঙলবাৰৰ পৰা ৰাজ্যখনত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ বাবে ইতিমধ্যে ধেমাজি আৰু যোৰহাট জিলাত বহুকেইখন গাঁও জলমগ্ন হৈ পৰিছে।

ৰাজ্যখনৰ মুখ্য মুখ্য নদী সমূহৰ জলপৃষ্ঠ ইতিমধ্যে বৃদ্ধি পাইছে। জিলা প্ৰশাসনে সকলো বিষয়া, কৰ্মচাৰীক প্ৰতি মহুৰ্ততে সজাগ হৈ থকাৰ বাবে নিৰ্দেশ দিছে।

ইতিমধ্যে প্ৰায় ২০০০০ লোক বানপানীৰ কৱলত পৰা বুলি সূত্ৰৰ পৰা লাভ কৰা খবৰত প্ৰকাশ পাইছে।