NORTHEAST NOW (Assamese)
অসম

বুধবাৰেও মানচেষ্টাৰত বৰষুণৰ আশংকা!; ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা সজীৱ কোহলি বাহিনীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 10, 2019 8:03 am
India vs New Zealand: India faces the wrath of Kiwi pace bowling

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত মানচেষ্টাৰত চলি থকা বিশ্বকাপৰ ছেমিফাইনেলৰ প্ৰথমখন খেল মঙলবাৰে বৰষুণৰ বাবে বাতিল কৰিব লগা হয়। আজি ৰিজাৰ্ভ ডে’ত খেলখন পুনৰ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, মঙলবাৰে নিউজিলেণ্ডে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু ভাৰতৰ বলাৰসকলৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত ৪৬.১ অভাৰত পাঁচটা উইকেট হেৰুৱাই ২১১ ৰাণ সংগ্ৰহ কৰাৰ সময়তে খেলখন বৰুষণৰ বাবে বাধাগ্ৰস্ত হয়।

ফিল্ড আম্পায়াৰে নিৰ্ধাৰিত সময়ৰ ভিতৰতো বৰষুণ নকমা বাবে খেলখন ৰিজাৰ্ভ ডেলৈ পিছুৱাই দিয়ে।

আজি যদিহে পুনৰ খেলখন অনুষ্ঠিত হয় তেতিয়া হ’লে নিউজিলেণ্ডে ২১১ ৰাণৰ পৰা নিজৰ ইনিংছ অব্যাহত ৰাখিব।

আনহাতে, বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰিপোৰ্ট অনুসৰি আজিও মানচেষ্টাৰত বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু যদিহে বৰষুণ অথবা সেমেকা আউট ফিল্ডৰ বাবে আম্পায়াৰে খেলখন অনুষ্ঠিত কৰিব নোৱাৰে বুলি ঘোষণা কৰে তেনেহলে ভাৰতে লীগ পৰ্যায়ত থকা পইণ্টৰ ব্যৱধানৰ বাবে ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হ’ব।

ছেমিফাইনেলৰ ৰোমাঞ্চকৰ খেলখনত বৰষুণে বিধি পথালি দিয়া বাবে হতাশ হৈ পৰে খেলপথাৰলৈ নিজৰ পচন্দৰ দলৰ খেল উপভোগ কৰিবলৈ অহা ক্ৰিকেট অনুৰাগীসকল।

ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত হৈ থকা বিশ্বাকাপ ক্ৰিকেট প্ৰতিযোগিতাত বৰুষুণে বহু পৰিমাণে বাধাৰ সৃষ্টি কৰিছে। লীগ পৰ্যায়ৰো বহুকেইখন খেল বৰষুণৰ বাবে বাতিল কৰিবলগা হৈছিল।