NORTHEAST NOW (Assamese)
অসম

কমনৱেলথ ৱেইটলিফটিং চেম্পিয়নশ্বিপত মীৰাবাঈ চানুৰ স্বৰ্ণ পদক অৰ্জন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 10, 2019 9:56 am
Saikhom-Mirabai-Chanu-1-1140x570

ভাৰতৰ তাৰকা ভাৰোত্তোলক তথা প্ৰাক্তন বিশ্ব চেম্পিয়ন মীৰাবাঈ চানুৱে ছাম’আৰ ৰাজধানী আপিয়াত চলি থকা কমনৱেলথ ৱেইটলিফটিঙ প্ৰতিযোগিতাত প্ৰথম দিনাই স্বৰ্ণ পদক দখল কৰি ভাৰতক শক্তিশালী আৰম্ভণি প্ৰদান কৰে।

প্ৰতিযোগিতাখনত ছিনিয়ৰ মহিলা ৪৯ কেজি শাখাত অংশগ্ৰহণ কৰা মীৰাবাঈ চানুৱে ৮৪ কিলোগ্ৰাম আৰু ১০৭ কিলোগ্ৰামেৰে মুঠ ১৯১ কিলোগ্ৰাম ভাৰোত্তোলন কৰি স্বৰ্ণ পদক দখল কৰিবলৈ সক্ষম হয়।

প্ৰতিযোগিতাখনত স্বৰ্ণ পদক জয় কৰি চানুৱে আগন্তুক টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জনৰ বাট সজীৱ কৰি ৰাখে।

উল্লেখযোগ্য যে, বিগত বৰ্ষত জাকাৰ্টাত অনুষ্ঠিত হোৱা এছিয়ান গেমছত চানুৱে আঘাতৰ বাবে ভাগ লব পৰা নাছিল যদিও এপ্ৰিল মাহত চীনৰ নিগবোত অনুষ্ঠিত হোৱা এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতক নেতৃত্ব প্ৰদান কৰি চানুৱে দমনীয় প্ৰদৰ্শনেৰে ১৯৯ কিলোগ্ৰাম ভাৰ উত্তোলন কৰিও অলপৰ বাবে পদকৰ পৰা বঞ্চিত হৈছিল।

প্ৰতিযোগিতাখনত স্বৰ্ণ পদক দখল কৰি উৎফুল্লিত হৈ পৰিছে উত্তৰ-পূবৰ তাৰকা ভাৰোত্তোলকগৰাকী। কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱকল্যাণ মন্ত্ৰী কিৰেণ ৰিজুজুৱে টুইটাৰ যোগে চানুক শুভেচ্ছা জ্ঞাপন কৰে।