NORTHEAST NOW (Assamese)
অসম

লোমহৰ্ষক:পত্নী-কন্যাক চুৰিকাঘাত কৰি হত্যা, গণপ্ৰহাৰত মৃত্যু হত্যাকাৰীৰ, অসমৰ ক’ত ঘটিছে এই ঘটনা?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 9, 2021 6:22 pm
WhatsApp-Image-2021

এক লোমহৰ্ষক হত্যাকাণ্ডই পুনৰ জোকাৰি গ’ল ৰাজ্যক।

ঘৰুৱা কন্দলৰ পৰিণতিতে এজন লোকে তেওঁৰ পত্নী আৰু কন্যাক চুৰিকাঘাত কৰি হত্যা কৰাৰ পিছতে উত্তপ্ত হৈ পৰে তিনিচুকীয়া জিলাৰ ডুমডুমাৰ এখন চাহ বাগিচাৰ চৌহদ।

ডুমডুমাৰ দৈদাম বাগিচাৰ জীতেন চৌতাল নামৰ লোক জনে আজি সাধাৰণ কথাতে তেওঁৰ পত্নী আৰু কন্যাক চুৰিৰে আক্ৰমণ কৰে।

লোকজনৰ আক্ৰমণত পত্নী সুষমা চৌতাল  আৰু কন্যা জোনালী চৌতালৰ লগে লগে মৃত্যু ঘটে।

এই ভয়ংকৰ ঘটনা সংঘটিত কৰিয়েই জীতেন চৌতালে ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ চেষ্টা চলায় যদিও চুবুৰীয়া লোকে জীতেনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

পত্নী-কন্যাক হত্যাৰ খবৰ বাগিচা খনত বিয়পি পৰাৰ লগে লগে উত্তেজিত লোকে হত্যাকাৰী জীতেন চৌতালক গণপ্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।

গণপ্ৰহাৰত লেবেজান হৈ পৰা জীতেন চৌতালৰ পিছত মৃত্যু ঘটে।

এই ঘটনাই তিনিচুকীয়াৰ লগতে সমগ্ৰ ৰাজ্য খনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

স্থানীয় একাংশ লোকে প্ৰকাশ কৰা মতে জীতেন চৌতালে সদায় মদ খাই আহি পত্নী আৰু কন্যাৰ ওপৰত শাৰীৰিক তথা মানসিক নিৰ্যাতন চলাই গৈছিল।

আজি পুৱাও জীতেন চৌতালে মদ খাবলৈ পইচা বিচৰাকলৈ পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল।

কাজিয়া চলি থকাৰ মাজতে জীতেন চৌতালে পত্নী আৰু কন্যাক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তিনিওটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।