NORTHEAST NOW (Assamese)
অসম

প্ৰধান মন্ত্ৰীৰ আহ্বানত ম’মবাতি প্ৰজ্বলন মহম্মদ কাঈফৰ; ছ’চিয়েল মিডিয়াত মৌলানাৰ ধমক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 6, 2020 9:55 pm
Kaif with wife Puja

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশবাসীলৈ ক’ৰ’নাৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ থিয় হোৱাৰ বাবে আহ্বান জনাই ৫ এপ্ৰিলত নিশা ৯ বজাত ৯ মিনিটৰ বাবে ঘৰৰ লাইট বন্ধ কৰি ঘৰৰ দুৱাৰ মুখ অথবা বেলকনিত চাকি, ম’ম, টৰ্ছ অথবা মোবাইলৰ ফ্লাছ জ্বলাবলৈ অনুৰোধ কৰিছিল।

প্ৰধান মন্ত্ৰীৰ অনুৰোধৰ প্ৰতি দেশৰ কোটি কোটি জনতাই সহাৰি দিছিল। ভাৰতীয় দলৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ মহম্মদ কাঈফেও প্ৰধান মন্ত্ৰীৰ আহ্বান মৰ্মে ম’ম জ্বলাই আৰু সেই ফটো ছ’চিয়েল মিডিয়াত আপলোড কৰে।

মহম্মদ কাঈফে পূজা কাঈফৰ সৈতে  ম’ম জ্বলোৱাৰ ভিডিঅ’ নিজৰ টুইটাৰত আপলোড কৰি লিখে, ‘‘দেশৰ চিকিৎসক, নাৰ্ছ, চেনিটাইজেশ্যন কৰ্মী, চৰকাৰী কৰ্মী, সংবাদ কৰ্মী, আৰ্মি তথা আৰক্ষী জোৱান সকললৈ ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুদ্ধৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।’’

আনহাতে, মহম্মদ কাঈফে টুইটাৰত ম’মবাতি জ্বলোৱাৰ ভিডিঅ’ আপলোড কৰাৰ পাছতে কট্টৰপন্থী বহু ইছলামিক মৌলানাই ক্ৰিকেটাৰ গৰাকীক তীব্ৰ সমালোচনা কৰি ধৰ্মৰ জ্ঞান দিয়ে।

‘‘৬ এপ্ৰিলত বিজেপিৰ জন্ম আৰু আপোনালোকে ইয়াৰ পূৰ্বে নিশা ৯ বজাত নামাজ পঢ়িব এৰি ম’ম জ্বলাবলৈ গৈছে। আপোনালোকে মুছলমানক বদনাম কৰিছে,’’ এছ কে মোজাফৰ নামৰ এগৰাকী মৌলানাই এনেদৰে লিখে।

মহম্মদ কাঈফৰ উপৰিও আন এগৰাকী পূৰ্ব ক্ৰিকেটাৰ জাহিৰ খানেও নিজৰ পত্নীৰ সৈতে প্ৰধান মন্ত্ৰীৰ আহ্বান মৰ্মে ম’মবাতি প্ৰজ্বলন কৰি বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰে।