NORTHEAST NOW (Assamese)
অসম

ভাৰতত COVID-19 ত মহিলাতকৈ পুৰুষ অধিক সংক্ৰমিত হৈছে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 7, 2020 9:33 am
5 persons test COVID-19 positive in Assam on Thursday

স্বাস্থ্য মন্ত্ৰ্যালয়ে ৪,০৬৭ গৰাকী COVID-19 ৰোগীৰ ওপৰত চলোৱা এক বিশ্লেষণত প্ৰকাশ পাইছে যে এই ৰোগত মহিলাতকৈ পুৰুষ অধিক সংক্ৰমিত হৈছে আৰু সেইদৰে মৃত্যুও ঘটিছে।

ভাৰতত ধৰা পৰা COVID-19 পজিটিভ লোকৰ মাজত ৭৬ শতাংশ হৈছে পুৰুষ।

সেইদৰে মৃত্যু হোৱা ৰোগীৰ ভিতৰত ৭৩ শতাংশ হৈছে পুৰুষ।

বিশ্লেষণ অনুসৰি, মৃত্যু হোৱাসকলৰ ভিতৰত ৬৩ শতাংশ হৈছে ৬০ বছৰৰ উৰ্দ্ধৰ বয়সৰ।

তদুপৰি, মৃত্যু হোৱা লোকসকলৰ ভিতৰত ৮৬ শতাংশই অতিৰিক্ত স্বাস্থ্যজনিত সমস্যা যেনে ডায়েবেটিজ, হাৰ্ট ডিজিজ, হাইপাৰটেনশ্যন আদিত আক্ৰান্ত লোক।

সোমবাৰে স্বাস্থ্য মন্ত্ৰ্যালয়ৰ শেহতীয়া তথ্য অনুসৰি দেশত মুঠ COVID-19 ৰোগীৰ সংখ্যা হৈছে ৪,২৮১জন আৰু ইয়াৰ ভিতৰত ৩১৯জন সুস্থ হৈ উঠাৰ বিপৰীতে ১১১জন লোকৰ মৃত্যু হৈছে।

দেওবাৰে মুঠ আক্ৰান্তৰ সংখ্যা আছিল ৩,৫৭৭জন।

মৃত্যু হোৱা লোকসকলৰ ভিতৰত যদিওবা ৬৩ শতাংশ জ্যেষ্ঠ নাগৰিক আছে, সোমবাৰে বিয়লিলৈকে এই ৪,২৮১জন COVID-19 ৰোগীৰ মাজত ই মাত্ৰ ১৯ শতাংশহে।

আই চি এম আৰৰ তথ্য মতে সোমবাৰে নিশা ৯ বজালৈকে মুঠ ১,০১,০৬৮টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে।

আই চি এম আৰৰ এপিডেমিঅ’লজিৰ সঞ্চালক ড০ আৰ আৰ গংগাখেদকাৰে কয় যে কাউন্সিলে প্ৰতিদিনে ২৫,০০০ পৰীক্ষা কৰিবলৈ সক্ষম।

ইয়াৰ মাজতে, প্ৰায় পাঁচ লাখ টেষ্টিং কিট অৰ্ডাৰ কৰা হৈছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব লভ আগৰৱালৰ মতে, ভাৰত বৰ্তমান স্থানীয় সংক্ৰমণ আৰু সমূদায় সংক্ৰমণৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ মাজত আছে।

বৰ্তমানলৈ ১,৪৪৫ টা ঘটনা, প্ৰায় ৩৫ শতাংশ দিল্লীৰ নিজামুদ্দিনৰ তবলিগী জামতৰ সৈতে জড়িত।

তদুপৰি, সংগঠনটোৰ সৈতে সম্পৰ্কিত ২৫,৫০০ লোকক কোৱাৰেন্টাইন কৰা হৈছে।

ইয়াৰ মাজতে, কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাই সকলোবোৰ ৰাজ্যকে মেডিকেল অক্সিজেন যোগান সুলভ আৰু সহজসাধ্য কৰিবলৈ নিৰ্দেশ দিছে। মেডিকেল অক্সিজেন অত্যাৱশ্যকীয় মেডিচিনৰ ৰাষ্ট্ৰীয় তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।