NORTHEAST NOW (Assamese)
Popular Stories

জানুৱাৰিৰ পিছত প্ৰথমবাৰৰ বাবে ক’ৰ’নাৰ উৎপত্তিস্থল চীনৰ বাবে এটা ভাল খবৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 7, 2020 9:56 am
167491

বিশ্বত ক’ৰ’না ভাইৰাছৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে যদিও ভাইৰাছবিধৰ উৎপত্তিস্থল চীনত ইয়াৰ সংহাৰ কমিবলৈ আৰম্ভ কৰিছে।

জানিব পৰা মতে যোৱা ২৪ ঘণ্টাত চীনত এজনো লোক ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা নাই। জানুৱাৰিৰ পিছত প্ৰথমবাৰৰ বাবে এয়া সম্ভৱ হৈছে।

ইয়াৰ উপৰি চীনত নতুনকৈ ৩২ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে যদিও আটাই কেইগৰাকীয়ে বিদেশী নাগৰিক।

উল্লেখ্য যে, ক’ৰ’না ভাইৰাছৰ আৰম্ভণি হৈছিল যোৱা ডিচেম্বৰ মাহৰ পৰা চীনৰ য়ুহান চহৰত। ইয়াৰ পিছৰে পৰা দেশখনত হাজাৰ-হাজাৰ লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ লগতে আৰু বহু লোকে প্ৰাণ হেৰুৱায়।

চীনৰ বিভিন্ন সংস্থাই জনোৱা অনুসৰি দেশখনত যোৱা মাৰ্চ মাহৰ পৰা ক’ৰ’না আক্ৰান্তৰ সংখ্যা হ্ৰাস পাবলৈ আৰম্ভ কৰিছে।

তথ্য অনুসৰি চীনত ৮১ হজাৰৰো অধিক লোক ক’ৰ’নাত আক্ৰান্ত হৈছে আৰু ইয়াৰ ফলত ৩৩০০ লোকৰ মৃত্যু হৈছে। তদুপৰি ৭৭ হাজাৰৰো অধিক লোক সুস্থ হোৱা বুলি প্ৰকাশ পাইছে চৰকাৰী তথ্যত।

ক’ৰ’না ভাইৰাছৰ কৱলৰ পৰা লাহে লাহে পৰিত্ৰাণৰ দিশে আহি থকা বাবে চীনে বিভিন্ন ঠাইত লকডাউন উঠাই দিয়াৰ লগতে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনাৰ প্ৰয়াস চলাই আছে।

উল্লেখ্য যে চীনে বৰ্তমান ক’ৰ’নাই সংহাৰী ৰূপ ধাৰণ কৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ মেডিকেল সামগ্ৰী যোগান ধৰাত ব্যস্ত থকা পৰিলক্ষিত হয়।