NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত মাদক দ্ৰব্য সৰবৰাহকাৰী প্রাক্তন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

Posted by: নবাৰুন গুহ February 17, 2018 8:09 pm
drug-570x320

অসমৰ ক্ৰিকেট প্ৰেমীসকলে শুনি আচৰিত হ’ব যে ৰাজ্যখনৰ ১৬ অনুৰ্দ্ধ আৰু ১৯ অনুৰ্দ্ধ ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰা এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰক ড্ৰাগ সৰবৰাহ কৰাৰ অভিযোগত লতাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

মোজাম্মিল হক বুলি চিনাক্ত কৰা ক্ৰিকেটাৰগৰাকীক মালা বৰুৱা নামৰ এগৰাকী মহিলাৰ সৈতে আৰক্ষীয়ে আটক কৰিছে।

লতাশিল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুনীল কলিতাই নৰ্থ ইষ্ট নাওৰ আগত কয় যে ‘’ মোজাম্মিল হক এগৰাকী স্বভাৱগত অপৰাধী। আমি পূৰ্বতেও তেওঁক চাৰি-পাঁচবাৰ আটক কৰিছিলো। আজি তেওঁ ৰে’লৱে ক’লনিৰ জাব্ৰাপট্টিৰ কালীবাৰীত কফ্ চিৰাপ আৰু নাইট্ৰছান টেৱলেট বিক্ৰী কৰি আছিল।আমি তেওঁৰ পৰা ১৫ টা কফ্ চিৰাপ আৰু ২৭ টা টেবলেট উদ্ধাৰ কৰিছো।‘’

তেওঁৰ বিষয়ে ক’বলৈ গৈ অসমৰ ৰঞ্জী দলৰ প্ৰাক্তন খেলুৱৈ চৈয়দ জাকাৰিয়া জাফ্ৰীয়ে নৰ্থ ইষ্ট নাওৰ আগত কয়, ‘’তেওঁ এগৰাকী উইকেট কীপাৰ আছিল আৰু ১৯৯০ৰ প্ৰথম ছোৱাত আমি যেতিয়া খেলিবলৈ আৰম্ভ কৰিছিলো তেতিয়াই তেঁৱো খেলিবলৈ আৰম্ভ কৰিছিল। তেওঁ কেতিয়াও প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলা নাছিল যদিও এগৰাকী ভদ্ৰ খেলুৱৈ আছিল। তেওঁৰ ক্ৰিকেট কেৰিয়াৰ কি কাৰণে সমাপ্তি ঘটিল আৰু কেনেকৈ আজিৰ এই অৱস্থালৈ আহিল মই নাজানো। দীৰ্ঘদিন ধৰি তেওঁ ক্ৰীড়া ক্ষেত্ৰখনৰ সৈতে সংস্পৰ্শত নাই। তেওঁ এনে অৱস্থাত উপনীত হোৱাটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক।‘’