NORTHEAST NOW (Assamese)
দেশ

আৰম্ভ হৈছে বিজেপিৰ খেল! আপৰ নৱনিৰ্বাচিত কাউন্সিলাৰক ‘ক্ৰয়’ কৰাৰ চেষ্টা বিজেপিৰ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 8, 2022 7:45 am
Manish Sisodia on BJP

ৰাজনৈতিক ‘ঘোঁৰা’ ক্ৰয়ত সিদ্ধহস্ত বিজেপিয়ে পুনৰ আৰম্ভ কৰিছে ঘোঁৰা ক্ৰয়ৰ ৰাজনীতি। এইবাৰ বিজেপিৰ দৃষ্টি নিবদ্ধ হৈছে দিল্লীৰ পৌৰ নিৰ্বাচনত জয়লাভ কৰা ‘আপ’- ৰ ‘ঘোঁৰা’! দিল্লীৰ পৌৰ নিগমৰ কৰ্তৃত্বৰ পৰা বিজেপিক উৎখাত কৰি আম আদমী পাৰ্টিৰ বিজয় নিচান উৰুৱাৰ পিছতে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আপ নেতা মনীষ চিছ’দিয়াই।

কালি ঘোষিত দিল্লীৰ পৌৰ নিগম নিৰ্বাচনত আপৰ আকাংক্ষিত জয়ৰ পাছতে দলটোৰ নৱনিৰ্বাচিত কাউন্সিলাৰক বিজেপিয়ে ক্ৰয় কৰিবলৈ চেষ্টা চলাইছে বুলি অভিযোগ কৰিছে আপৰ নেতা তথা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াই।

এক টুইট যোগে এই দাবী কৰি চিছ’দিয়াই কয়, “বিজেপিৰ খেল আৰম্ভ হৈছে। আমাৰ নৱনিৰ্বাচিত কাউন্সিলাৰসকললৈ ফোন কল অহা আৰম্ভ কৰিছে। আমাৰ কোনো কাউন্সিলাৰ বিক্ৰী নহ’ব। আমি সকলো কাউন্সিলাৰক কোনোবাই তেওঁলোকক যদি লগ কৰিবলৈ আহে বা তেওঁলোকে যদি ফোন কল পায় তেন্তে ৰেকৰ্ড কৰিবলৈ পৰামৰ্শ দিছো।”

 

স্মৰ্তব্য যে চিছ’দিয়া তথা আম আদমী পাৰ্টিৰ বিজেপিৰ বিৰুদ্ধে এই অভিযোগ নতুন নহয়। ইতিপূৰ্বেও আবকাৰী নীতি বিষয়ত মনীষ চিছ’দিয়াৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্ত সংস্থাসমূহৰ নিৰন্তৰ অভিযানৰ সময়তো বিজেপিয়ে চিছ’দিয়াক আপ ত্যাগৰ প্ৰস্তাৱ আগবঢ়াইছিল বুলি অভিযোগ কৰিছিল দিল্লীৰ উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে।

চিছ’ডিয়াৰ লগতে আম আদমী পাৰ্টিৰ আন কেইগৰাকীমান নেতাইও বিজেপিৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰিছিল। বিজেপিৰ এই ‘অপাৰেচন লটাছ’- ৰ ফান্দত কোনো কাৰণতে আপ নেতা-কৰ্মীয়ে ভৰি নিদিয়ে বুলি স্পষ্ট কৰি দিছিল দলটোৱে।

এতিয়া পৌৰ নিৰ্বাচনৰ পাছতে পুনৰ বিজেপিৰ বিৰুদ্ধে চিছ’দিয়াৰ এই অভিযোগ লক্ষণীয় হৈ পৰিছে। উল্লেখ্য যে, কালি ঘোষিত ফলাফলত আপে তিনিটাকৈ কাৰ্যকাল পৌৰ নিগম দখলত ৰখা বিজেপিক পৰাভূত কৰি প্ৰথমবাৰৰ বাবে বিজয় ধ্বজা উৰুৱাইছিল।

নিগমৰ ২৫০ ৱাৰ্ডৰ ভিতৰত ১৩৪ টা ৱাৰ্ড দখলেৰে নিগম দখল কৰিছিল আপে। আনহাতে ১০৪ টা ৱাৰ্ডেৰে এইবাৰ দ্বিতীয় স্থানতে সন্তুষ্ট থাকিবলগীয়া হৈছিল বিজেপি। ইফালে দেশৰ ৰাজনীতিত ক্ৰমে খহনীয়াৰ সন্মুখত হোৱা কংগ্ৰেছ কেন্দ্ৰীয় শাসিত প্ৰদেশখনৰ পৌৰ নিৰ্বাচনতো মাত্ৰ ৯ টা ৱাৰ্ডতে সীমাবদ্ধ থাকিল।